Sherman Ali Ahmed:ৰাইজৰ দল-কংগ্ৰেছৰ মিত্ৰতাৰ বাবে টিকটৰ পৰা বঞ্চিত হ’ল শ্বেৰমান আলী আহমেদ

ৰাইজৰ দলত যোগদান কৰিও লাভৱান নহ'ল শ্বেৰমান নিৰ্দলীয়ভাৱে নিৰ্বাচনী যুঁজত নমাৰ সম্ভাৱনা !

WhatsApp Image 2026 03 20 at 12.32.56 PM

Sherman Ali Ahmed:

দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছ নেতৃত্বত গঠন হোৱা ছয়দলীয় মৰ্চাৰ পৰা আসন ভাগবাটোৱাৰাত মতানৈক্যৰ বাবে ৰাইজৰ দল আঁতৰি যোৱাৰ উপক্ৰম হৈছিল যদিও বৃহস্পতিবাৰে যোৰহাটত অখিল গগৈৰে গৌৰৱ গগৈৰ ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত দুয়োটা দল মিত্ৰতাপাশত আবদ্ধ হয় ৷ ৰাইজৰ দলক ধিং,দলগাঁও সহ ১১টা সমষ্টি এৰি দিয়াৰ বিপৰীতে মন্দিয়া সমষ্টি কংগ্ৰেছে নিজৰ হাতত ৰাখে ৷ ইয়াৰ লগে লগে মন্দিয়াত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ল ৰাইজৰ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী শ্বেৰমান আলী আহমেদ।

কংগ্ৰেছৰ পৰা বহিস্কাৰ হৈ থকা শ্বেৰমানে টিকটৰ আশাত যোগদান কৰিছিল ৰাইজৰ দলত। কিন্ত বৃহস্পতিবাৰে অখিল – গৌৰৱৰ আলোচনাত মন্দিয়াত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ ক্ষেত্ৰতো মিত্ৰদলৰ সন্মতি নাপালে ৰাইজৰ দলে। অৰ্থাৎ পুনৰ টিকট বঞ্চিত হ’ল বহুবল্কী শ্বেৰমান আলী আহমেদ ৷

আনহাতে শেহতীয়াকৈ লাভ কৰা এক খবৰ অনুসৰি টিকট বঞ্চিত শ্বেৰমান ৰাইজৰ দল ত্যাগ কৰি নিৰ্দলীয়ভাৱে মন্দিয়া সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে ৷

Exit mobile version