Tapan Kr. Gogoi:দলীয় টিকটৰ পৰা বঞ্চিত তপন কুমাৰ গগৈৰ দলত্যাগৰ প্ৰস্তুতি

সোণাৰিৰ পৰা নিৰ্দলীয় প্রার্থী হিচাপে অৱতীৰ্ণ হ'ব প্রাক্তন বিজেপি সাংসদজনে

WhatsApp Image 2026 03 20 at 5.38.34 PM

Tapan Kr .Gogoi:

দলীয় নেতৃত্বই কথা দিও কথা নৰখা ক্ষোভত সমাগত নিৰ্বাচনত নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতাৰ হুংকাৰ যোৰহাটৰ প্ৰাক্তন সাংসদ তপন কুমাৰ গগৈ

সোণাৰি সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীত্ব লাভ কৰিব বুলি নিশ্চিত থাকিও অৱশেষত বঞ্চিত হোৱা সোণাৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে দলত্যাগৰ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ৷ আনকি ইতিমধ্যে তেওঁৰ মনোনয়নপত্ৰ সংগ্ৰহ কৰিছে তেওঁৰ ঘনিষ্ঠ নেতা এজনে ৷ শনিবাৰে হয়তো গগৈয়ে নিৰ্দলীয় ৰূপে মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে আছুৰ প্ৰাক্তন সভাপতি গৰাকীয়ে ২০১৬ ত সোণাৰিৰ পৰা বিজেপিৰ টিকটত জয়লাভ কৰি পৰৱৰ্তী সময়ত যোৰহাটৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হৈছিল যদিও ২০২৪ ৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ হাতত পৰাভূত হয় ৷

Exit mobile version