Terrorist :✒️সন্ত্রাসবাদীৰ আশ্রয়দাতা পাকিস্তান হৈছে বিশ্বৰ ভিতৰতে সবাতোকৈ সন্ত্রাস কবলিত দেশ। সম্প্রতি ইনষ্টিটিউট ফ’ৰ ইকন ‘মিক এণ্ড পীচৰ দ্বাৰা প্ৰকাশিত গোলকীয় সন্ত্রাস সূচাংক (জিটিআই) ৰ প্রতিবেদনত এই তথ্য প্রকাশ পালে।
২০২৬ বর্ষত দক্ষিণ এছিয়াত সন্ত্ৰাসৰ ঘটনা সৰ্বাধিক হৈছে বুলি এই প্রতিবেদনত উল্লেখ কৰিছে। প্রতিবেদনত উল্লেখ কৰা অনুসৰি পশ্চিম এছিয়াত বুর্কিনা ফাছ’ক অতিক্রম কৰি সন্ত্রাসৰ ক্ষেত্ৰত বিশ্বৰ সবাতোকৈ ক্ষতিগ্রস্ত দেশত পৰিণত হৈছে পাকিস্তান।
বিগত ১০ বছৰৰ ভিতৰত ২০২৫ বর্ষটো আছিল পাকিস্তানৰ বাবে সবাতোকৈ প্রাণঘাতী। উক্ত বর্ষত পাকিস্তানত ১,০৪৫টা সন্ত্রাস আক্ৰমণৰ ঘটনাত ১,১৩৯ জন লোকৰ মৃত্যু হৈছিল।
২০২০ বৰ্ষৰ তুলনাত ২০২৫ত পাকিস্তানত সন্ত্রাস আক্ৰমণৰ ঘটনা ছণ্ডণ বৃদ্ধি পাইছিল। বিগত ১২ বছৰ ধৰি পাকিস্তান সন্ত্রাসত সবাতোকৈ ক্ষতিগ্রস্ত ১০ দেশৰ তালিকাত আছিল যদিও এইবাৰ এই তালিকাত শীর্ষস্থান লাভ কৰিলে দেশখনে।
পাকিস্তানত সন্ত্রাস আক্ৰমণৰ ঘটনা বৃদ্ধিৰ বাবে জগৰীয়া কৰা হৈছে সন্ত্রাসবাদী সংগঠন তেহৰিক ই তালিবান পাকিস্তানক। ২০২৫ বর্ষত এই সন্ত্রাসবাদী সংগঠনৰ আক্ৰমণৰ ঘটনা ২৪ শতাংশ বৃদ্ধি পাইছিল।
তদুপৰি স্বাধীনতাকামী সংগঠন বেলুচ লিবাৰেচন আর্মিয়েও ইছলামাবাদৰ নিদ্রা হৰণ কৰি আহিছে। পাকিস্তানৰ ভূমিত সন্ত্ৰাসৰ তাণ্ডৱ বৃদ্ধিৰ সময়ত ভাৰতৰ ভূমিত সন্ত্ৰাসৰ ঘটনা যথেষ্ট হ্রাস পালে। সন্ত্রাসত ক্ষতিগ্রস্ত দেশৰ তালিকাত ভাৰতৰ স্থান ১৩ সংখ্যক।
২০২৫ত ভাৰতত সন্ত্ৰাসৰ ঘটনা ৪৩ শতাংশ হ্রাস পাইছিল। বিগত এক দশকত সন্ত্রাসবিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰিলে ভাৰতে।
প্রতিবেদনত উল্লেখ কৰা মতে, বিশ্বৰ ভিতৰতে সন্ত্রাসত সর্বাধিক ক্ষতিগ্রস্ত অঞ্চল হৈছে দক্ষিণ এছিয়া। একেখন প্রতিবেদনত উল্লেখ কৰা মতে, বাংলাদেশত ২০২৫ত সন্ত্রাস আক্ৰমণৰ ঘটনা ১০০ শতাংশ হ্রাস পাইছিল।
নেপালতো বিগত তিনি বছৰত এটাও সন্ত্রাস আক্ৰমণৰ ঘটনা হোৱা নাই। তালিবানে ক্ষমতা লাভৰ পাছত আফগানিস্তানতো সন্ত্রাস আক্ৰমণৰ ঘটনা হ্রাস পাইছে।গোলকীয় তালিকাত সেয়েহে আফগানিস্তানৰ স্থান উন্নত হৈ ১১ সংখ্যক হ’ল।
