Eid Celebration:আজি ঈদ-উল-ফিটৰ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীটো আয়োজন

মহানগৰীৰ মাছখোৱা সহ কে'বাটাও স্থানৰ ঈদগ্ৰাহত সমূহীয়া নামাজ

WhatsApp Image 2026 03 21 at 11.51.06 AM

Eid Celebration:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–এমাহ ৰোজাৰ অন্তত শুকুৰবাৰে ভাৰতৰ আকাশত প্রথমাৰ জোন দৃশ্যমান হোৱাৰ ফলতে ইছলাম ধৰ্মালম্বী ৰাইজে শনিবাৰে আয়োজন কৰে পবিত্ৰ উৎসৱ ঈদ উল ফিটৰ ৷ এই উপলক্ষে সমগ্ৰ ভাৰতৰ লগতে অসমতো ব্যাপক উছাহ উদ্দীপনা পৰিলক্ষিত হয় । ঈদৰ নামাজৰ বাবে ঈদগাহ স্থলীসমূহ ইতিমধ্যে সজাই তোলা হৈছে। অৱশ্যে অসমত এইবাৰ কে’বাটাও স্থানত অনুষ্টুপীয়াকৈ এই উৎসৱ পালন কৰা হয়। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগৰ পৰিপ্ৰেক্ষিতত শোক প্রকাশ কৰিয়ে এনে সিদ্ধান্ত গ্রহণ কৰিছে বিভিন্ন স্থানৰ ঈদ উদযাপন সমিতিয়ে। আনহাতে গুৱাহাটী মহানগৰীৰ ঈদ গাহ ময়দানসমূহ সজাই তোলা হৈছে । শনিবাৰে পুৱা নবজাত মহানগৰীৰ মাছখোৱা,গাড়ীগাঁও,আঠগাঁও,পাঞ্জাবাৰী,হাতীগাঁৱৰ চিজুবাৰী,নটমবাৰ ঈদগ্ৰাহত আয়োজন কৰা সমূহীয়া নামাজত অংশগ্ৰহণ কৰে অগনন ইছলামধৰ্মীলোকে ৷

আনহাতে ঈদ উল ফিটৰ উপলক্ষে বিভিন্নজনে ৰাজ্যৰ ইছলাম ধর্মী লোকসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলেও ৰাজ্যবাসীক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। এক বিবৃতিত আজমলে আশা প্রকাশ কৰে যে এই পবিত্র উৎসৱে সকলোৰে মাজলৈ শান্তি-সম্প্রীতি আৰু ভ্ৰাতৃত্ববোধৰ কঢ়িয়াই আনিব। অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াও সমূহ ৰাইজলৈ শুভেচ্ছা জনাইছে ৷

আনহাতে ঐতিত্যমণ্ডিত শিৱসাগৰৰ স্থানীয় ঈদগাহ মৈদানত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ ঈদগ্ৰাহৰ প্ৰৱেশদ্বাৰৰ মাটিত জুবিন গাৰ্গ হত্যাকাণ্ডৰ মুল অভিযুক্ত শ্যামকানু মহন্ত,অমৃতপ্ৰভা আৰু শেখৰজ্যোতি গোস্বামীৰ ফটো গছকি পাৰ হয় নামাজিসকলে ৷ নামাজত অংশ লোৱা সকলোৱে জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তসকলক কঠোৰ শাস্তিৰ দাবী কৰে ৷

Exit mobile version