কেৱল ক্ষমতা আৰু চকীৰ মোহত মছগুল হোৱা একাংশ ৰাজনীতিক কিমান অহংকাৰী হ’ব পাৰে তাৰে শেহতীয়া আন এক উদাহৰণ ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অশোক সিংহল৷ইতিমধ্যে দুবাৰকৈ ঢেকিয়াজুলিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ উপৰি ৰাজ্যৰ মন্ত্ৰীসভাতো স্হান লাভ কৰা এইজন বহুবল্কী ৰাজনীতিকে এইবাৰ প্ৰতিষ্ঠা কৰিলে আন এক নতুন উদাহৰণ৷
উল্লেখযোগ্য যে,যোৱা ১৯মাৰ্চত শোণিতপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাৰ ২৩নম্বৰ কোঠাত ৰিটাৰ্ণিং বিষয়া মানস জ্যোতি নাথৰ হাতত মনোনয়ন দাখিল কৰিছিল ঢেকিয়াজুলিৰ বিজেপি প্ৰাৰ্থীয়ে৷কিন্তু দুবাৰকৈ বিধায়ক নিৰ্বাচিত হোৱা এইজন সিংহলে মনোনয়ন দাখিলৰ সময়ত পৰম্পৰা ভংগ কৰি বহিয়েই দাখিল কৰে মনোনয়ন৷ৰাজ্যত সেই দিনটোত মনোনয়ন দাখিল কৰা ড° হিমন্ত বিশ্ব শৰ্মা,পিয়ুষ হাজৰিকাকে ধৰি সকলো প্ৰাৰ্থীয়ে গণতান্ত্ৰিক পৰম্পৰা অক্ষুন্ন ৰাখি ৰিটাৰ্ণিং বিষয়াৰ সন্মুখত ঠিয়হৈ আবেদনকাৰী হিচাপে মনোনয়ন দাখিল কৰে যদিও সংহলে মন্ত্ৰীত্বৰ ক্ষমতাৰ ৰাগী সেই দিনটোতো এৰিব নোৱাৰিলে৷
উল্লেখযোগ্য যে,শুক্ৰবাৰে শোণিতপুৰৰ পাঁচটা বিধানসভা সমষ্টিৰ সাতজন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল৷এইসকলৰ ভিতৰত একমাত্ৰ সিংহলেই এনে এজন প্ৰাৰ্থী আছিল যে তেওঁৰ যেন নিৰ্বাচন আয়োগক প্ৰতিনিধিত্ব কৰা বিষয়াজনৰ সন্মুখত ঠিয় হৈ আবেদনকাৰীৰ ভূমিকাত অৱতীৰ্ণ হ’বলৈ অহমিকাত আঘাত লাগিল৷কথাই প্ৰতি সনাতনি সংস্কাৰ, সংস্কৃতিৰ ফুলজাৰি মৰা এইজন বহুবল্কী প্ৰাৰ্থীৰ এনে আচৰণে তেওঁৰ আচল সংস্কাৰী ৰূপটো প্ৰতিফলিত কৰা বুলি এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে৷
