দিনটোত মাত্ৰ এবাৰহে খাইছিল মিছৰৰ ৰজাসকলে

সম্প্রতি বিজ্ঞানীয়ে ব্যাখ্যা কৰিছে ইয়াৰ বৈজ্ঞানিক কাৰণ

what is a pharaoh in ancient egypt 2

সাম্প্রতিক সময়ত বহুতেই ‘ফিট’ থাকিবলৈ, ওজন কমাবলৈ ইণ্টাৰমিটেণ্ট ফাষ্টিং কৰে। অৱশ্যে বিষয়টো কিন্তু এই যুগত সৃষ্টি হোৱা নাই। বৰঞ্চ প্রাচীন কালতো আছিল ইণ্টাৰমিটেণ্ট ফাষ্টিং। যদিও ওজন কমোৱাৰ বাবে নাছিল, তথাপি ইয়াৰ অন্তৰালত আছিল বৈজ্ঞানিক কাৰণ।

প্রাচীন মিছৰৰ সভ্যতা একাধিক কাৰণত আজিৰ মানুহৰ বাবেও আকর্ষণীয় হৈ আছে। তেওঁলোকৰ মামি বা পিৰামিডৰ উপৰি আন একাধিক কাৰণো আছে। এইবোৰৰ সমান্তৰালকৈ এই সভ্যতাৰ আৰু এটা বিষয় কিন্তু অতি আকর্ষণীয় আছিল। সেয়া হৈছে তেওঁলোকৰ খাদ্যাভ্যাস।

মিছৰৰ ৰজাসকলে প্রায় তিনি হেজাৰ বছৰ ৰাজত্ব কৰিছিল। সেই সময়ছোৱাত তেওঁলোকে সমগ্র দিনটোত মাত্র এবাৰেই খাইছিল। অৱশ্যে অৰ্থৰ অভাব, দাৰিদ্ৰতা আদিৰ কোনো সমস্যা নাছিল। তথাপি তেওঁলোকে কোনো ধৰণৰ পুৱাৰ আহাৰ বা মধ্যাহ্ন ভোজন নকৰিছিল।

কেৱল সূর্যাস্তৰ সময়ত এবাৰেই তেওঁলোকে খাদ্য গ্রহণ কৰিছিল। তাৰ পাছত ভোক লাগিলেও তেওঁলোকে কেবল পানীহে পান কৰিছিল। কোনো ধৰণৰ লঘু আহাৰো তেওঁলোকে গ্ৰহণ নকৰিছিল। দিনটোৰ বাকী সময়খিনি তেওঁলোকৰ মন, ধ্যান-ধাৰণা সকলো থাকিছিল কেবল এটা বিষয়, সেয়া হৈছে তেওঁলোকৰ ৰাজ্য। ইয়াৰ কাৰণ সম্প্ৰতি বিশ্লেষণ কৰিছে একাংশ বৈজ্ঞানিকে।

সাম্প্ৰতিক সময়ৰ এক ফিজিঅ’বজিয়ে কৈছে যে ইমান সময় ধৰি তেওঁলোকে উপবাসত থাকিছিল বা একো নোখোৱাকৈ থাকিছিল বাবে তেওঁলোকৰ শৰীৰত ইনছ্যুলিনৰ মাত্ৰা চকুত পৰাকৈ কম থাকিছিল। তেজে মস্তিষ্কলৈ দ্রুতগতিৰে চলাচল কৰিছিল। হজমৰ সলনি তেজে মস্তিষ্কক গুরুত্ব দিছিল।

কিটোন উৎপাদন বেছিকৈ হৈছিল। লগতে শৰীৰৰ যিকোনো ধৰণৰ প্ৰদাহ কমিছিল। এয়া আছিল ফিজিঅ’লজিৰ ব্যাখ্যা। ইয়াৰ নিউৰ’ মেটাবলিক দিশো আছে। হজম কৰিবলৈ যথেষ্ট এনার্জি ক্ষয় হয়। কিবা মখালেই শৰীৰৰ দৃষ্টি পেটৰ ফালে গুচি যায়। বহু দেৰি একো নোখোৱাকৈ থকাৰ ফলত সেই সমস্যাও কমিছিল। মনোযোগ কামৰ ওপৰতে থাকিছিল। সিদ্ধান্ত লোৱাত বিশেষ ভুল নহৈছিল। মেন্টেল কেলিৰিটিও বর্তি থাকিছিল।

বহুতেই ভাবে যে এই ইন্টাৰমিটেণ্ট ফাষ্টিং আদিবোৰ বোধহয় ওজন কমোৱাৰ বাবে উপকাৰী। অৱশ্যে তাৰ বাহিৰতো ইয়াৰ একাধিক উপকাৰিতা আছে। ফলত প্রাচীন কালত মিছৰ সভ্যতাৰ ৰজাসকলে যি নিয়ম মানি চলিছিল, সেয়া আজিৰ দিনৰ বহু লোকেই মানি চলে।

Exit mobile version