পিতৃয়ে অতিমাত্রা চেনি খোৱা কমাবলৈ মোদীক

খবৰ পায়েই মিঠাই কমাই খাবলৈ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ

IMG 20260322 141448

পিতৃৰ অতিমাত্রা চেনি খোৱাৰ অভ্যাস হ্রাস কৰাবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক আহ্বান জনালে সামাজিক মাধ্যমত প্রভাৱ থকা এজন যুৱকে। আচৰিতভাবে প্রধানমন্ত্রীয়েও তাৎক্ষণিকভাৱে এই আহ্বানৰ প্রতি সঁহাৰি জনায়।

যুৱৰাজ ডুয়া নামৰ সামাজিক মাধ্যমত জনপ্রিয় যুৱকজনে জনাইছে যে তেওঁৰ পিতৃ প্রধানমন্ত্রী মোদীৰ পৰম ভক্ত। প্রধানমন্ত্রীৰ প্রতিটো কথা তেওঁৰ পিতৃৰ বাবে আদেশৰ দৰে। সেয়ে মোদীয়ে নিষেধ কৰিলে যুৱৰাজৰ পিতৃয়ে হয়তো মিঠা খোৱাৰ অভ্যাস কমাব পাৰে।

সেই বাবেই তেওঁ পিতৃৰ চেনি খোৱা কমোৱাৰ বাবে প্রধানমন্ত্রীক অনুৰোধ জনালে। লক্ষ্যণীয়ভারে এই অনুৰোধৰ মিঠা উত্তৰো পালে যুৱকজনে। যুৱৰাজৰ ভিডিঅ’টো প্রত্যক্ষ কৰি প্রধানমন্ত্রী মোদী মুগ্ধ হৈ পৰে।

প্রধানমন্ত্রীয়ে তেওঁৰ অফিচিয়েল ইনস্টাগ্রাম একাউন্টত বীলটো পুনৰ শ্বেয়াৰ কৰি লগতে কিছু স্বাস্থ্য সম্পর্কীয় পৰামৰ্শও দিয়ে। মোদীয়ে লিখিছে, ‘যুৱৰাজৰ অনুৰোধত মই তেওঁৰ পিতৃ আৰু বাকীসকলকো চেনি কমাই খাবলৈ অনুৰোধ জনাইছো। সুস্থ থাকক, আনন্দত থাকক।’

আন এটা প’ষ্টত প্রধানমন্ত্রীয়ে স্বাস্থ্যৰ বিষয়ত কেতবোৰ পৰামর্শ প্রদান কৰিছে। নাগৰিকসকলক স্বাস্থ্যক লৈ সচেতন হ’বলৈ আৰু সুস্থ থাকিবলৈ আহ্বান জনাইছে প্রধানমন্ত্রীয়ে। মোদীয়ে কয় যে অতিৰিক্ত চেনি খালে শৰীৰত একাধিক ৰোগ হ’ব পাৰে।

চেনি বেছিকৈ খালে স্থূলত্বৰ আশংকাও থাকে। মোদীয়ে লগতে সুস্থ হৈ থাকিবলৈ যোগ-ব্যায়ামক দৈনন্দিন জীৱনৰ অংগ কৰি ল’বলৈকো পৰামৰ্শ দিছে।

প্রধানমন্ত্রীয়ে তেওঁৰ ভিডিঅ’টো শ্বেয়াৰ কৰাত স্বাভাৱিকতে আপ্লুত হৈ পৰিছে যুৱৰাজ। এই ভিডিঅ’টোযে সঁচাকৈয়ে স্বয়ং প্রধানমন্ত্রীৰ ওচৰলৈ যাব, সেই আশা তেওঁ কৰাই নাছিল। যুৱৰাজে কয় যে ভাৰতৰ সবাতোকৈ জনপ্রিয় নেতা হৈছে নৰেন্দ্র মোদী।

Exit mobile version