বিজনীত অৰূপ কুমাৰ দে আৰামত জিকিবঃ হাগ্ৰামা 

বিজনীত এনডিএ প্ৰাৰ্থী অৰূপ কুমাৰ দেৰ জনসভাত হাগ্ৰামা মহিলাৰী 

IMG 20260323 WA0070

Hagrama Mahilary:✒️বিজনীত অৰূপ দে আৰামত জিকিব, কোনো ৰক্ষা কৰিব নোৱাৰে’ চিৰাং জিলাৰ ২০ নং বিজনী বিধানসভা সমষ্টিৰ এনডিএৰ প্ৰাৰ্থী অৰূপ কুমাৰ দে’ৰ নিৰ্বাচনী বিশাল জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে।

প্ৰাৰ্থী গৰাকীয়ে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনটোত জিলা সদৰ কাজলগাঁৱত মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে বিজনী চহৰস্থিত বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত কৰা বিশাল জনসভাত অংশগ্ৰহণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী।

প্ৰায় পাঁচ সহস্ৰাধিক ৰাইজ অংশগ্ৰহণ কৰা উক্ত জনসভাত দিয়া ভাষণত ৰাইজক মন্ত্ৰী লাগে নে নালাগে বুলি প্ৰশ্ন কৰে। তেওঁ কয় যে ৰাইজে মন্ত্ৰী লাগে বুলি কৈছে গতিকে মন্ত্ৰী কৰি দিম। ইফালে বিজনীৰ থুৰিবাৰী সমষ্টিৰ পাৰিষদ খলিলুৰ ৰহমানে বিপিএফ ত্যাগ কৰি নিৰ্দলীয় প্ৰাৰ্থী হিচাবে নমিনেচন দিয়া কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় আমাৰ দৰ্জা খোলা, যাবও পাৰে আহিবও পাৰে।এমচিএলএ থাকিলে শক্তিশালী হয় নেকি, তেনেহলে আমি কোন হয়।য’ত বিজেপি আছে, য’ত বিপিএফ আছে, ইয়াতকৈ আৰু কোন শক্তিশালী থাকিব পাৰে বুলি সংবাদ মাধ্যমৰ আগত কয় হাগ্ৰামা মহিলাৰীয়ে।

আজিৰ জনসভাত কেন্দ্ৰীয় মন্ত্ৰী টৌকেন চাহু, বিটিচিৰ কাৰ্যবাহী সদস্য ধীৰাজ বৰগয়াৰী, চিৰাং জিলা বিজেপিৰ সভাপতি ৰতন চন্দ্ৰ ৰায়, বিজনী জিলা বিপিএফৰ সভাপতি ৰবিৰাম খাক্লাৰীসহ কেবাগৰাকীও নেতা অংশগ্ৰহণ কৰে।

Exit mobile version