Uttar Pradesh:✒️ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটানিয়াহু আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ বাবে সংসাৰ ভাঙিল উত্তৰপ্ৰদেশৰ বাৰাবঁকীৰ এক দম্পতীৰ। ইৰান যুদ্ধৰ প্রকোপত এতিয়া বিচাৰিলেই বন্ধন গেছ পোৱা নাযায়। এনে অৱস্থাত ঘৰলৈ গেছ চিলিণ্ডাৰ অনাক লৈ স্বামী-স্ত্রীৰ মাজত তুমুল অশান্তি হৈছিল।
অৱশেষত অভিমানতে পাঁচ মহীয়া সন্তানক লৈ গৃহত্যাগ কৰিলে পত্নীয়ে।যোৱা ২২ মাৰ্চত ইৰান যুদ্ধৰ ২৩ দিন সম্পূর্ণ হয়। মধ্যপ্রাচ্যত সংঘৰ্ষৰ ফলত বিশ্বৰ অন্যান্য ঠাইৰ লগতে ভাৰততো ৰান্ধনিশালত বিৰাট সমস্যাৰ সৃষ্টি হৈছে।
বাৰাবঁকীৰ এই ঘটনাই ইয়াৰ জ্বলন্ত উদাহৰণ। কর্মস্থানত নিশাৰ দায়িত্ব পালন কৰি ঘৰলৈ উভতি আহি পত্নী সুমন দেৱীক আহাৰ দিবলৈ কয় অনিল নামৰ যুৱকজনে। সুমনে প্রত্যুত্তৰত জনায় যে গেছ নথকাৰ বাবে তেওঁ একো ৰান্ধিব নোৱাৰিলে। অনিলে জুহালত জুই ধৰি আহাৰ ৰান্ধিবলৈ কোৱাত পত্নী খঙত অগ্নিশৰ্মা হৈ পৰে। জুইত ৰান্ধিব নোৱাৰে বুলি তেওঁ স্পষ্ট কৰি দিয়ে। একমাত্র গেছ আনিলেহে তেওঁ ৰান্ধিব। এটা সময়ত অনিল-সুমনৰ বাক-বিতণ্ডাই চৰম পৰ্যায় পায়গৈ।
এটা সময়ত খঙৰ ভমকত পাঁচ মহীয়া পুত্র সন্তানক লৈ ঘৰ এৰি গুচি যায় সুমনে।প্রাথমিকভাৱে অনিলে ভাবিছিল যে খং জামৰিলেই পত্নী ঘৰলৈ উভতি আহিব। অথচ পাছদিনা সন্ধিয়াৰ পাছতো পত্নী উভতি নহাত অনিলে স্থানীয় আৰক্ষী থানাত নিরুদ্দেশ সম্পর্কীয় এক এজাহাৰ দাখিল কৰে।
লগতে সামাজিক মাধ্যমত তেওঁ এই বিষয়ত এটা ভিডিঅ’ প’ষ্ট দিয়ে। ভিডিঅ’ত পত্নী সুমনক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনায় অনিল কয়, ‘মোৰ অন্যায় হৈছে। তুমি ঘৰলৈ ঘূৰি আহা।’ অনিল-সুমনৰ এই অশান্তিৰ বাবে প্ৰধানকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেটানিয়াহু আৰু মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পকে দায়ী কৰিছে আত্মীয় আৰু প্রতিবেশীসকলে।
