Barhampur:বঢ়মপুৰ কংগ্ৰেছত মোক্ষম আঘাত

বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাৰ দল ত্যাগ, টিকটৰ পৰা বঞ্চিত হৈ দল ত্যাগ বৰাৰ

WhatsApp Image 2026 03 24 at 5.27.58 PM

Barhampur:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক – বিৰোধীৰ নিৰ্বাচনী কুজকাৱাজ তীব্ৰতৰ হৈ পৰিছে ৷ ইয়াৰ মাজতে টিকট বঞ্চিত বহু কেই’গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয়ভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে আন কে’বা গৰাকীয়ে দলীয় নেতৃত্বৰ বুজনিত যুঁজৰ পৰা আঁতৰি আহিছে ৷

বিশেষকৈ এইবাৰ কংগ্ৰেছে দিছপুৰৰ মচনদৰ পৰা বিজেপিক উৎখাত কৰাৰ লক্ষ্যৰে অসম জাতীয় পৰিষদ,ৰাইজৰ দল ,চিপিআইএমৰ স’তে মিত্ৰতাপাশত আবদ্ধ হোৱা সূত্ৰে বহু কেই খন গুৰুত্বপূৰ্ণ আসন মিত্ৰদলক এৰি দিবলগীয়া হয় ৷ যাৰ ফলস্বৰূপে উল্লিখিত সমষ্টিত মজবুত সংগঠন থকা সূত্ৰে বহু কেই গৰাকী টিকট প্ৰত্যাশিৰে আশাৰে বাট আছিল যদিও মুলকত উক্ত আসন সমূহ মিত্ৰ দলক এৰি দিবলগীয়া হয় ৷ যাৰবাবে ক্ষোভিত হৈ পৰে টিকট প্ৰত্যাশি ৷ মুৰকত বহু কেইগৰাকীয়ে দলত্যাগ কৰি নিৰ্দলীয়ে হিচাপে মনোনয়ন দাখিল কৰে ৷

এনে ঘটনাক্ৰমৰ মাজতে কংগ্ৰেছৰ শক্তিশালী ভেটি থকা নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টি কংগ্ৰেছে মিত্ৰতা সূত্ৰে এৰি দিয়ে অজাপক ৷ ইয়াৰ পিছতে ক্ষোভৰ বহি:প্ৰকাশ হয় বঢ়মপুৰত ৷ সমষ্টিটোৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশি তথা বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাই নেতৃত্বৰ বিৰুদ্ধে বিষেদাগাৰ প্ৰকাশ কৰে ৷

উল্লেখ্য যে অজাপই বঢ়মপুৰৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে দলটোৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইক ৷ গোহাঁইয়ে দলীয় টিকট লাভৰ পিছতে কেইদিনমান পূৰ্বে ৰঞ্জিত বৰাৰ বাসগৃহত উপস্থিত হৈ সৈমান কৰাই এক যৌথ সংবাদমেল সম্বোধনো কৰিছিল।

ইয়াৰ মাজতে সোমবাৰে নিশা বঢ়মপুৰৰ বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে বঢ়মপুৰ ব্লক কংগ্ৰেছৰ সভাপতি ৰঞ্জিত বৰাৰ বাসগৃহত উপস্থিত হৈ এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷ অৱশেষত মঙলবাৰে বঢ়মপুৰ কংগ্ৰেছত মোক্ষম আঘাত হানি ৰঞ্জিত বৰাই বঢ়মপুৰ কংগ্ৰেছৰ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰে ৷ দলত্যাগৰ পাছতে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা আছে কংগ্ৰেছ ত্যাগী ৰঞ্জিত বৰাৰ ৷

Exit mobile version