Barpeta:বাতিল হ’ব পাৰে বৰপেটাৰ কংগ্ৰেছ প্রার্থী মহানন্দ সৰকাৰৰ মনোনয়ন !

দলীয় টিকট অৰিজিনেল কপিৰ পৰিৱৰ্তে জেৰক্স কপি জমা দিয়াৰ অভিযোগ, এ'আৰু বি' ফৰ্মৰ স্বাক্ষৰ বিসংগতিৰ অভিযোগ অগপৰ

WhatsApp Image 2026 03 24 at 1.50.21 PM

Barpeta:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আছিল সোমবাৰে ৷ সকলো ৰাজনৈতিক দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীয়ে দাখিল কৰে নিজ নিজ মনোনয়ন ৷ ইয়াৰ লগে লগে গৰম হৈ পৰে ৰাজ্যৰ ৰাজনীতি ৷ ইয়াৰ মাজতে বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে জমা দিয়া মনোনয়নৰ বিসংগতিক লৈ কেতবোৰ প্ৰশ্ন উদ্থাপিত হয় ৷ যাৰবাবে বাতিল হ’ব পাৰে বৰপেটাৰ কংগ্ৰেছ প্রার্থী মহানন্দ সৰকাৰৰ মনোনয়ন ৷ উদ্থাপিত অভিযোগ অনুসৰি মনোনয়নপত্ৰৰ সৈতে গাঠি দিয়া দলীয় টিকট খন অৰিজিনেল কপিৰ পৰিৱৰ্তে জেৰক্স কপি জমা দিয়াৰ অভিযোগ ৷ একেদৰে জেৰক্স কপিত দলীয় সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ স্বাক্ষৰ নথকাৰ লগতে এ’ আৰু বি’ ফৰ্মৰ স্বাক্ষৰ বিসংগতিৰ অভিযোগ অগপ দলৰ প্ৰতিনিধিৰ ৷

উল্লেখ্য যে সোমবাৰে মনোনয়ন দাখিলৰ পিছত মঙলবাৰে আৰম্ভ হৈছে মনোনয়ন পৰীক্ষাপৰ্ব ৷ সেই অনুসৰি বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ পৰীক্ষা পৰ্বত ২ দলৰ প্ৰতিনিধিৰ উপস্থিতিত মনোনয়ন পত্ৰ পৰীক্ষা আৰম্ভ হওঁতেই কংগ্ৰেছ প্রার্থী মহানন্দ সৰকাৰৰ মনোনয়ন পত্ৰৰ বিসংগতি ধৰা পেলাই অগপ দলৰ প্ৰতিনিধিয়ে ৷ ইতিমধ্যে অগপই এক অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে দেশৰ নিৰ্বাচন আয়োগে ৷ আনহাতে এনেক্ষেত্ৰত ৰিৰ্টানিং বিষয়াই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Exit mobile version