Dima Hasao:ডিমা হাচাওত বিজেপিত খহনীয়া !

মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ কংগ্ৰেছ গমনৰ পিছত দলত্যাগ ৩৮ গৰাকী জ্যেষ্ঠ বিজেপি নেতাৰ, এনপিপিত যোগদান বিজেপি নেতা কেইজনৰ

WhatsApp Image 2026 03 24 at 1.26.39 PM

Dima Hasao:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই বৃদ্ধি পাইছে ইটো দলৰ পৰা সিটো দললৈ যোৱা নেতা- কৰ্মীৰ যোগদানৰ প্ৰতিযোগিতা ৷ বিশেষকৈ শাসকীয় মিত্ৰজোঁটৰ অগপ – বিজেপিৰ সমান্তৰালভাৱে কংগ্ৰেছৰ পৰাও বিজেপিলৈ বিজেপিৰ পৰা কংগ্ৰেছলৈ দলত্যাগ জোৱাৰ উঠিছে ৷ এনে দলবাগৰা প্ৰতিযোগিতাক বিশেষ মাত্ৰা প্ৰদান কৰি ডিমা হাচাও পাহাৰত শাসনাধিষ্ঠ বিজেপি দলত হৈছে ব্যাপক খহনীয়া ৷ বিজেপি এৰি এনডিএ অংশীদাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন এন পি পি দলত যোগদান কৰিলে ৩৮গৰাকীকৈ জ্যেষ্ঠ কাৰ্যকৰ্তাই।

দলত্যাগী নেতা কেই গৰাকী হ’ল বিজেপিৰ প্ৰাক্তন জিলা বিজেপি সভাপতি লাংটিঙৰ গলঞ্জ থাউচেন,প্ৰাক্তন পৰিষদ ৰাহুল নাইডিং ওৰফে মাইজেনে,মাহুৰ পৌৰসভাৰ প্ৰাক্তন চেয়াৰমেন অনুপ লাংঠাছা,পৰিষদৰ প্ৰাক্তন ডেপুটি চেয়াৰমেন হিমবাহাদুৰ ছেত্ৰী। তিনি নেতাই তেওঁলোকৰ ৩৫ গৰাকী কাৰ্যকৰ্তা সহ এনপিপি দলৰ হাফলঙৰ প্ৰাৰ্থী ডেনিয়াল লাংঠাছাৰ উপস্থিতিত যোগদান কৰে এনপিপিত ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে হাফলঙৰ বিজেপিৰ বিধায়িকা নন্দিতা গাৰ্লোচাই দলীয় টিকট লাভৰ পৰা বঞ্চিত হৈ দেওবাৰে যোগদান কৰে কংগ্ৰেছত ৷ আনকি সোমবাৰে জিলা কংগ্ৰেছৰ সভাপতি নিৰ্মল লাংথাছাক লগত লৈ হাফলঙৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন দাখিল কৰে গাৰ্লোচাই ৷

Exit mobile version