ED Seized:ট্ৰেডিং কেলেংকাৰীৰ মহাপ্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ ১৩.৪১ কোটি টকাৰ সম্পত্তি জব্দ ইডিৰ

WhatsApp Image 2026 03 25 at 12.37.32 PM

ED Seized:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অভিযুক্ত DB STOCKৰ জৰিয়তে অসংখ্য লোকৰ পৰা কে’বা শতাধিক ধন বিনিয়োগৰ নামত সংগ্ৰহ কৰি পলায়ন কৰিছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীৰ জালত পৰা মহা প্ৰৱঞ্চক DB STOCKৰ স্বত্বাধিকাৰী দীপাংকৰ বৰ্মনৰ সম্পত্তি জব্দ কৰিলে ইডি- এ ৷ ঠগ- প্রবঞ্চনাৰে আহৰণ কৰা ১৩.৪১ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰে ইডিয়ে ৷

উল্লেখ্য যে DB Stocks ৰ মুৰব্বী দীপাংকৰ বৰ্মনে ২০২১ বৰ্ষৰ পৰা ২০২৪ বৰ্ষলৈ ট্রেডিঙৰ নামত প্রবঞ্চনা কৰিছিল অগনন লোকক ৷ ২০২৪ ৰ আগষ্টত বিনিয়োগকাৰীৰ অভিযোগৰ পাছত DB Stock হঠাতে বন্ধ হৈ যোৱাৰ পিছত তেওঁ পলায়ন কৰিছিল। অৱশ্যে অক্টোবৰত গোৱাত আত্মগোপন কৰি থকা অৱস্থাত গুৱাহাটী আৰক্ষীয়ে ট্ৰেডিং কেলেংকাৰীৰ মহানায়কজনক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে বৰ্মনৰ পৰা নগদ ২৭ লাখ টকা পাছপোৰ্ট আৰু সোণৰ আ- অলংকাৰ জব্দ কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে চিবিআই,ইডি সহ বিভিন্ন ৰাজ্যৰ পুলিচে ৭,০০০ কোটি টকাৰ ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত বৰ্তমানেও অব্যাহত ৰাখিছে তদন্ত।

Exit mobile version