Nagaon:নগাঁৱৰ শিঙিয়া পোটনী আঞ্চলিক ব্ৰক্ষ্ম সমাজৰ উদ্যোগত শ্ৰী শ্ৰী মহাৰূদ্ৰ যজ্ঞৰ সামৰণি

WhatsApp Image 2026 03 25 at 4.34.49 PM 1

Nagaon:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-নগাঁও জিলাৰ শিঙিয়া পোটনী আঞ্চলিক ব্ৰক্ষ্ম সমাজৰ উদ্যোগত বিহৰী গাঁও বিহাই পথাৰত আয়োজন কৰা শ্ৰীশ্ৰী মহাৰূদ্ৰ যজ্ঞ অনুষ্ঠান ভাগৰ যোৱা ২০মাৰ্চৰ পৰা দেওবাৰলৈকে তিনিদিনীয়া কাৰ্যসুচীৰে সফল সমাপ্তি হয়।প্ৰথম দিনা কাৰ্যসুচীৰ পুৱা ভাগত যজ্ঞ পৰিচালনা সমিতিৰ সভাপতি কৰুনা শৰ্মাই পতাকা উত্তোলন,বিশিষ্ট শিক্ষাবিদ্‌ তথা সমাজ সেৱক ৰমেশ গোস্বামীয়ে ধৰ্মধ্বজা উত্তোলন,শিঙিয়া পোটনী আঞ্চলিক ব্ৰাক্ষ্মণ সমাজৰ সভাপতি ৰজনী শৰ্মাই স্মৃতি তৰ্পন,যজ্ঞ পৰিচালনা সমিতিৰ উপ-সভাপতি যোগেশ শৰ্মাই সদ্য প্ৰয়াত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন গায়ক জুবিন গাৰ্গৰ স্মৃতিত নাহৰ পুলি ৰূপন,দুপৰীয়া যজ্ঞ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভা,সন্ধিয়া বন্তি প্ৰজ্জ্বলন আৰু নিশা শ্ৰীশ্ৰী মহাৰূদ্ৰ যজ্ঞ আৰু উপনয়নৰ অধিবাস অনুষ্ঠিত কৰা হয়।

দ্বিতীয় দিনা বৈদিক মন্ত্ৰ পাঠ,নান্দী শ্ৰাদ্ধ, যজ্ঞাহুতিত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা আমন্ত্ৰিত পুৰুহিত সকলক পাদ পক্ষালন, ৰূদ্ৰ যজ্ঞৰ আহুতি আৰু উপনয়ন আদিৰ লগতে তৃতীয় দিনাও মহাৰূদ্ৰ যজ্ঞৰ আহুতি প্ৰদান,পুৰ্ণাহতি, ভোগ বিতৰণ ব্যৱস্থাৰে সামৰণি পেলোৱাৰ লগতে সমগ্ৰ অঞ্চলটোৰ ভক্তপ্ৰাণ পুৰুষ-মহিলা,জীয়াৰী- বোৱাৰী অংশ গ্ৰহনেৰে সমগ্ৰ যজ্ঞস্থলীৰ লোক সকলক উৎসাহিত কৰি তুলিছে।

Exit mobile version