Fuel shortage in Assam:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:ৰন্ধন গেছৰ নাটনিৰ সমস্যাৰ মাজতে পেট্ৰ’ল আৰু ডিজেলৰ নাটনিয়ে আন এক গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে সাধাৰণ ৰাইজৰ মাজত। কাগজে-কলমে চৰকাৰে পেট্র’ল, ডিজেল আৰু ৰন্ধন গেছৰ পৰ্যাপ্ত মজুত থকা বুলি গ্রাহকক প্রত্যয় নিয়াবলৈ চেষ্টা কৰিলেও বাস্তৱ ছবিখন কিন্তু তাৰ বিপৰীতহে। ফলত ৰন্ধন গেছৰ সমান্তৰালভাৱে বুধবাৰৰ পৰা আজি পৰ্যন্ত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰিপেট্ৰ’ল-ডিজেলক লৈ সৃষ্টি হোৱা গভীৰ অনিশ্চয়তাৰ পৰিস্থিতিত পেট্ৰ’ল পাম্পসমূহত নিশা দেৰিলৈকে দীঘলীয়া শাৰীৰ সৃষ্টি হয়।
মহানগৰীৰ দিছপুৰ, হাতীগাঁও, বেলতলা, ছয়মাইলকে ধৰি বিভিন্ন অঞ্চলৰ কে’বাটাও পেট্ৰ’ল পাম্প নিৰ্দিষ্ট সময়ৰ পূৰ্বেই ইন্ধনৰ অভাৱত বন্ধ হৈ যায়। তদুপৰি নিশা বহু দেৰিলৈ প্রায় প্রতিটো পেট্র’ল পাম্পতে গ্রাহক-বাহনে দীঘলীয়া শাৰী পাতে। পেট্ৰ’ল পাম্পসমূহৰ চৌহদ গাড়ীৰে ভৰি পৰাৰ উপৰি পথৰ ওপৰতো দীঘলীয়া শাৰীৰ সৃষ্টি হয়। মহানগৰীৰ পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে জনোৱা মতে, আজি পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ বাঢ়িবলৈ ধৰে আৰু নিশাৰ ভাগত এই ভিৰ অধিক বৃদ্ধি পায়। বেলতলাৰ
এটা পেট্র’ল পাম্পৰ কৰ্মচাৰীয়ে কয় যে তেওঁলোকৰ পাম্পটোত তেল মজুত আছে যদিও গ্রাহকৰ যি ভিৰ দেখা হৈছে তালৈ চাই নিৰ্ধাৰিত সময়ৰ পূর্বেই হয়তো তেল শেষ হ’ব। এনে পাম্পলৈ খৰখেদাকৈ অহা গ্রাহকে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সংসদত আশংকা ব্যক্ত কৰিছে যে মধ্য প্রাচ্যৰ যুদ্ধৰ যি পৰিৱেশ বাহাল আছে সেয়া দীঘলীয়া হ’লে ভাৰতে ক’ভিড মহামাৰীৰ সময়ৰ দৰে প্ৰত্যাহ্বান গ্রহণ কৰি আগবাঢ়িব লাগিব। এনে গ্রাহকে কয় যে আজি নিশা ১১ ৰজাৰ পাছত তেলৰ অভাৱত পাম্প বন্ধ হৈ যাব বুলিও এটা অপপ্ৰচাৰ চলে আৰু ইয়াৰ ফলতো আতংকিত হয় গ্রাহক। এনে ধৰণৰ বক্তব্যই সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত তেলৰ নাটনিক লৈ গভীৰ আশংকাৰ সৃষ্টি কৰিছে।
এনে এজন গ্রাহকে কয়, ‘এটা গেছ চিলিণ্ডাৰ পাবলৈও গভীৰ অনিশ্চয়তাত থকা গ্রাহকে বাহনৰ বাবে এক লিটাৰ পেট্ৰ’ল বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। ভূতৰ ওপৰত দানহ পৰা দি এতিয়া নাটনিৰ সৃষ্টি হৈছে ডিজেলবো।’ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন জিলাত পেট্ৰ’ল আৰু ডিজেলৰ বহু ডিপো সম্প্রতি বন্ধ হৈ পৰিছে। সেই কাৰণে যিটো ডিপোত ইন্ধন থকাৰ খবৰ পাইছে তাতেই উবুৰি খাই পৰিছে গ্রাহক। আনহাতে, তেনে ডিপোই গ্রাহকক প্রয়োজন অনুসৰি ইন্ধন বিক্ৰী কৰিবলৈ সক্ষম হোৱা নাই। নিজাববীয়া সিদ্ধান্তৰে এনে ডিপোই এটা নির্দিষ্ট পৰিমাণৰ ইন্ধনহে বিক্ৰীৰ নিয়ম ধার্য কৰিছে। লক্ষ্যণীয় যে ভাৰতত ইন্ধনৰ নাটনি হোৱা নাই বুলি কেন্দ্ৰীয় চৰকাৰে দাবী কৰি আহিছে।
সমান্তৰালভাৱে ৰন্ধন গেছৰ নাটনিও কেইদিনমান আগৰ পৰিস্থিতিৰ তুলনাত এতিয়া যথেষ্ট উন্নতি হোৱাৰ দাবী কৰি আহিছে। কিন্তু এনে দাবীৰ বিপৰীতে বাস্তৱত গ্রাহকে এটা চিলিণ্ডাৰ বিচাৰি হায়ৰাণ হৈছে। গেছ বুকিঙৰ যন্ত্রণা অদ্যাপি ঘনঘোৰ হৈয়েই আছে। অথচ ভাৰতীয় তেল নিগম লিমিটেডৰ তথ্য অনুসৰি ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ উৎপাদন স্বাভাৱিক হৈ আছে। আনকি ব্যৱসায়িক চিলিণ্ডাৰৰ উৎপাদন প্রথমে সম্পূর্ণ বন্ধ কৰা হৈছিল যদিও এতিয়া ৪০ শতাংশ উৎপাদন আৰম্ভ কৰা হৈছে বুলি সদৰী কৰে আইওচিএলৰ বিষয়া অন্বেষা শইকীয়াই। ঘৰুৱা ৰন্ধন গেছৰ নাটনি পৰিস্থিতিৰ সন্দৰ্ভত বিষয়াগৰাকীয়ে লগতে কয়, ‘স্বাভাবিক দিনত অসমত দৈনিক ১.২৫ লাখ চিলিণ্ডাৰ গ্ৰাহকক যোগান ধৰা হৈছিল।
সেই পৰিমাণ এতিয়া ১.১২ লাখলৈ অবনমিত হৈছে। ইয়াৰ কাৰণ গেছৰ নাটনি নহয়, দৈনিক গেছ চিলিণ্ডাৰ বুকিঙৰ সংখ্যা বৃদ্ধিৰ ফলতে যোগানৰ সংখ্যা হ্রাস হৈছে। আগৰ চিলিণ্ডাৰটো লাভ কৰাৰ ২৫ দিন হোৱাৰ লগে লগে বুকিং কৰা গ্ৰাহকৰ সংখ্যা বৃদ্ধি হৈছে। স্বাভাবিক দিনত এই পৰিৱেশ নাছিল। চিলিণ্ডাৰ নোপোৱাৰ আশংকাত মানুহৰ মাজত যি লৰা-ঢপৰা লাগিছে সেয়া অন্ততঃ এই সময় ত অপ্রয়োজনীয়।’ একেদৰে ইন্ধনৰ ক্ষেত্ৰতো সমস্যা নথকাৰ দাবী কৰে বিষয়াগৰাকীয়ে।
কিন্তু তৈল প্রতিষ্ঠানটোৰ এনে আশ্বাসৰ বিপৰীতে বজাৰত বিপৰীত পৰিৱেশে বিৰাজ কৰিছে। এই প্রসংগতে নাম প্রকাশত অনিচ্ছুক পেট্র ‘লিয়াম ডিলাৰ্ছ এছ’চিয়েছনৰ বিষয়ববীয়াৰ সূত্রই কয় যে ৰাজ্যৰ প্ৰায় সকলো জিলাতে ইন্ধনৰ নাটনি দেখা গৈছে। ইয়াৰ বিপৰীতে গুৱাহাটীত পৰিস্থিতি স্বাভাৱিক কৰি ৰখাত সকলো পক্ষই গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটীৰ বাহিৰৰ ডিপোবোৰক চাহিদা অনুসৰি তেল যোগান ধৰাত বিভিন্ন তৈল প্রতিষ্ঠানবোৰ বিফল হৈছে।
অসমৰ ভিতৰতে অন্যতম পুৰণি তেল ডিপো বৰপেটাৰ বাণী ছার্ভিচ চ্ছেনত বিগত কে’বাদিনৰ পৰা তেল পাবলৈ নাই। ইয়াৰ সদুত্তৰ দিব পৰা নাই ডিপোটোৱে। তেলৰ নাটনি ইয়াৰ অন্যতম কাৰণ। ধুবুৰীতো ইন্ধনৰ চৰম নাটনি হৈছে। একে পৰিস্থিতিৰ সৃষ্টি হৈছে শোণিতপুৰৰ বিভিন্ন তেল ডিপোত। গ্রাহকক চাহিদা অনুসৰি তেল যোগানত ব্যর্থ হৈছে মধ্য আৰু উত্তৰ অসমৰ বহু তেল ডিপোরে। এনে নাট নিৰ খবৰত আতংকিত গ্রাহক উপচি পৰিছে ইন্ধন উপলব্ধ ডিপোবোৰত। ফলত এনে ডিপোত সকলো ধৰণৰ যান-বাহনৰ দীঘলীয়া শাৰীৰ সৃষ্টি হৈছে।
