Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–মধ্য প্ৰাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ পৰিছে ভাৰতত ৷ ৰন্ধন গেছৰ নাটনিৰ সমস্যাৰ মাজতে ভুতৰ ওপৰত দানহ পৰাৰ দৰে পেট্ৰ’ল আৰু ডিজেলৰ নাটনিয়ে আন এক গুৰুতৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে । ফলত ৰন্ধন গেছৰ সমান্তৰালভাৱে বুধবাৰৰ পৰা আজি পৰ্যন্ত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি পেট্ৰ’ল-ডিজেলক লৈ সৃষ্টি হোৱা গভীৰ অনিশ্চয়তাৰ পৰিস্থিতিত পেট্ৰ’ল পাম্পসমূহত নিশা দেৰিলৈকে দীঘলীয়া শাৰীৰ সৃষ্টি হয়।
মহানগৰীৰ দিছপুৰ, হাতীগাঁও, বেলতলা, ছয়মাইলকে ধৰি বিভিন্ন অঞ্চলৰ কে’বাটাও পেট্ৰ’ল পাম্প নিৰ্দিষ্ট সময়ৰ পূৰ্বেই ইন্ধনৰ অভাৱত বন্ধ হৈ যায়। তদুপৰি নিশা বহু দেৰিলৈ প্রায় প্রতিটো পেট্র’ল পাম্পতে গ্রাহক-বাহনে দীঘলীয়া শাৰী পাতে। পেট্ৰ’ল পাম্পসমূহৰ চৌহদ গাড়ীৰে ভৰি পৰাৰ উপৰি পথৰ ওপৰতো দীঘলীয়া শাৰীৰ সৃষ্টি হয়। মহানগৰীৰ পেট্ৰ’ল পাম্পৰ কৰ্মচাৰীয়ে জনোৱা মতে, আজি পুৱাৰে পৰা গ্ৰাহকৰ ভিৰ বাঢ়িবলৈ ধৰে আৰু নিশাৰ ভাগত এই ভিৰ অধিক বৃদ্ধি পায়।
উল্লেখ্য যে গুৱাহাটীত তিনিটা অইল কোম্পানীয়ে পেট্ৰ’ল পাম্পত যোগান ধৰে পেট্ৰ’ল-ডিজেল ৷ আজি পেট্ৰ’ল-ডিজেল নাটনি সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰি কয়,আইঅচিএলৰ ৪৫ লাখ লিটাৰ পেট্ৰ’ল, ৫৫ লাখ লিটাৰ ডিজেল আছে । একেদৰে বিপিচিএল মজুত আছে ৩৫ লাখ পেট্ৰ’ল আৰু ১ কোটি ৬ লাখ লিটাৰ ডিজেল ৷ আনহাতে এইছ পিচিএলৰ ৪ লাখ লিটাৰ পেট্ৰ’ল, ১৮ লাখ লিটাৰ ডিজেল বৰ্তমানেও মজুত আছে ৷
