Strait of Hormuz: ভাৰত সহ চাৰি দেশৰ বাবে খুলি দিয়া হ’ল হৰমুজ প্রণালী

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ আহ্বানৰ পাছতে সিদ্ধান্ত লয় ইৰাণে, মুম্বাইস্থিত ইৰাণী কনছুলেট জেনেৰেলে এক পোষ্টযোগে সদৰি কৰে

WhatsApp Image 2026 03 26 at 2.16.13 PM

Strait of Hormuz:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ইৰাণৰ পৰা ভাৰতৰ বাবে আহিল এটা ভাল খবৰ। ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে বৃহস্পতিবাৰে কয় যে ভাৰত সহ আন চাৰি এছিয় দেশক “বন্ধুত্বপূৰ্ণ দেশ” হিচাপে অভিহিত কৰি দেশ কেইখনৰ তৈলবাহী জাহাজসমূহক হৰমুজ প্ৰণালী’ৰ মাজেৰে পাৰ হ’বলৈ দিয়া হ’ব । এই সিদ্ধান্তই ভাৰতৰ এল পি জি আৰু শক্তি সম্পৰ্কীয় সমস্যাসমূহ দূৰ কৰিব পাৰে, যিয়ে কেইবাটাও উদ্যোগক প্ৰভাৱিত কৰি আহিছে। ইৰাণে স্পষ্টভাৱে কৈছিল যে, ভাৰতৰ উপৰিও চীন, ৰাছিয়া, ইৰাক, পাকিস্তানৰ দৰে দেশকো এই পথেৰে পাৰ হ’বলৈ দিয়া হ’ব।

আনহাতে ইৰাণৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে এই ইতিবাচক খবৰৰ পিছতে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে কয়, ইৰাণৰ এই বক্তব্যই স্বাভাৱিকতে আশাৰ ৰেঙনি কঢ়িয়াই আনিলে ৷ ৰাষ্ট্ৰসংঘই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে ইৰাণক আবেদন জনাইছিল। পশ্চিম এছিয়াৰ যুদ্ধ শেষ কৰিবলৈও তেওঁ আমেৰিকা আৰু ইজৰাইলক আহ্বান জনায়। ইয়াৰ এদিন পূৰ্বে নিউয়ৰ্কত ইৰাণৰ মিছনে উল্লেখ কৰিছিল যে ইৰাণৰ প্ৰতি শত্ৰুতা নথকা দেশৰ জাহাজক হৰমুজ প্ৰণালীৰ মাজেৰে নিৰাপদে পাৰ হ’বলৈ দিয়া হ’ব যদিও ইৰাণৰ কৰ্তৃপক্ষৰ সৈতে পূৰ্বৰ সমন্বয়ৰ প্ৰয়োজন হ’ব।

ইপিনে হৰমুজ প্রণালী মুকলি কৰি দিয়াৰ সন্দৰ্ভত ইৰাণৰ প্ৰতিৰক্ষা পৰিষদেও স্পষ্ট কৰি দিছে যে এই পথটো সম্পূৰ্ণ মুকলি নহয়, বৰঞ্চ চৰ্তযুক্ত। জাহাজসমূহে পূৰ্বৰ অনুমতি ল’ব লাগিব আৰু ইৰাণে নিজৰ ইচ্ছা অনুসৰি সমগ্ৰ ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰে। ইয়াৰ পৰা স্পষ্টকৈ বুজা যায় যে ইৰাণে এই পথটো কৌশলগত অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে।

ইফালে বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়েও আমেৰিকা আৰু ইজৰাইললৈ বাৰ্তা প্ৰেৰণ কৰি যুদ্ধৰ অন্ত পেলাব৷ কিয়নো ইয়াৰ ফলত অসামৰিক লোকৰ মৃত্যু বৃদ্ধি পাইছে আৰু বিশ্ব অৰ্থনীতিত বিৰূপ প্ৰভাৱ পৰিছে। এই সংঘাতৰ সৈতে জড়িত নহোৱা চুবুৰীয়া দেশসমূহৰ ওপৰত আক্ৰমণ বন্ধ হ’ব লাগে বুলিও তেওঁ উল্লেখ কৰে।

# হৰমুজ প্ৰণালী কিয় গুৰুত্বপূৰ্ণ ?

হৰমুজ প্ৰণালীৰে ভাৰতে নিজৰ প্ৰয়োজনীয় খাৰুৱা তেল ৮৫% তকৈ অধিক বিদেশৰ পৰা আমদানি কৰে। শেহতীয়াকৈ পাৰস্য উপসাগৰত ২২খন ভাৰতীয় জাহাজ আবদ্ধ হৈ পৰিছে ৷ ইয়াৰে ২০খন ভাৰতৰ শক্তি যোগানৰ বাবে অতি প্ৰয়োজনীয়। শেহতীয়াকৈ ভাৰতে আই এন এছ শিৱালিক আৰু আই এন এছ নন্দ দেৱী নামৰ দুখন জাহাজ খালী কৰিছে। কিন্তু কেৱল এই দুখন জাহাজেই দেশৰ সমগ্ৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ যথেষ্ট নহয়।

এই সিদ্ধান্তৰ আঁৰত এটা উল্লেখযোগ্য ৰাজনৈতিক বাৰ্তা আছে। ইৰানে ভাৰতক “বন্ধুত্বপূৰ্ণ দেশ” বুলি মুকলিকৈ উল্লেখ কৰাটোৱে ইংগিত দিয়ে যে পশ্চিমীয়া দেশৰ হেঁচাত পৰিলেও ইৰাণৰ বিৰুদ্ধে কোনো কঠোৰ ব্যৱস্থা বা নিষেধাজ্ঞাৰ বাবে ভাৰতে সম্পূৰ্ণৰূপে সমৰ্থন কৰা নাই। ইৰানে এইটোও প্ৰদৰ্শন কৰিব বিচাৰিছে যে ইয়াৰ এতিয়াও শক্তিশালী আন্তঃৰাষ্ট্ৰীয় অংশীদাৰ আছে যাৰ সহায়ত পশ্চিমীয়া দেশসমূহৰ ওপৰত হেঁচা প্ৰয়োগ কৰিব পাৰি।

Exit mobile version