Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

ভেৰীৰ পৰা পৰি পদ্মা নদীত ডুব যায় যাত্ৰী ভৰ্তি বাছ, কোনোমতে প্ৰাণ ৰক্ষা ১১গৰাকী যাত্ৰীৰ

WhatsApp Image 2026 03 26 at 4.13.39 PM

Terrible bus accident in bangladesh:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ঈদৰ ঠিক পিছতেই বাংলাদেশত এক ভয়ংকৰ বাছ দুৰ্ঘটনা। পদ্ম নদীত ডুব যায় এখন যাত্ৰীবাহী বাছ। এই ঘটনাত ২৩ জন লোকৰ মৃত্যু হোৱা বিপৰীতে কোনোমতে প্ৰাণ ৰক্ষা ১১গৰাকী যাত্ৰীৰ। খবৰ অনুসৰি আহত হয় আন কেইবাজনো যাত্ৰী। এই শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হয় বুধবাৰে সন্ধিয়া ৷

আনহাতে বাংলাদেশৰ ৰাজবাৰীৰ আৰক্ষী পৰিদৰ্শক ৰাছেল মোল্লাই বুধবাৰে কয় যে নিশা হোৱাৰ বাবে উদ্ধাৰ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে। বৃহস্পতিবাৰে দিনৰ পোহৰ হোৱাৰ লগে লগে পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয়।

তেওঁ কয়, “এতিয়ালৈকে আমি ২৩টা মৃতদেহ উদ্ধাৰ কৰিছো আৰু কেইবাজনৰ মৃতদেহ এতিয়াও সন্ধানহীন হৈ আছে। কিছুমানক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছে। নিশাৰ ভাগত উদ্ধাৰ অভিযান অলপ লাহে লাহে চলি আছে। অৱশ্যে অগ্নিনিৰ্বাপক বাহিনীৰ, নৌসেনা, আৰক্ষী আৰু অন্যান্য দলৰ সৈতে জড়িত যৌথ উদ্ধাৰ অভিযান চলি আছিল।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া প্ৰায় ৫ বজাত দৌলটদিয়াৰ ৩ নং ফেৰী টাৰ্মিনেলৰ সন্মুখত থকা ফেৰীৰ পৰা পদ্ম নদীত পৰি যাত্ৰীবাহী বাছখন। প্ৰায় ৪০ জন যাত্ৰী লৈ ৰাজবাৰীৰ পৰা ঢাকা অভিমুখে গৈ আছিল বাছখন। ৰাজবাৰী জিলা পৰাৰ ঢাকাৰ দূৰত্ব প্ৰায় ১২৮ কিলোমিটাৰ । দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখন ফেৰীত আছিল বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে পুৱাও অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰকাৰী দল আৰু ডুবাৰুৱে উদ্ধাৰ অভিযান চলাই আছে। প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বাটত বিভিন্ন কাউণ্টাৰৰ পৰা যাত্ৰী উঠাই বাছখনত কমেও ৪০ৰ পৰা ৫০জন যাত্ৰী আছিল। দুৰ্ঘটনাটোৰ প্ৰায় ছয় ঘণ্টাৰ পিছত উদ্ধাৰকাৰী দলে ডুব যোৱা বাছখন নদীৰ পৰা টানি আনে। নিশা প্ৰায় ১১:৩০ বজাত বাছখনৰ কিছু অংশ দেখা গৈছিল। তাৰ পিছত জাহাজৰ ক্ৰেন ব্যৱহাৰ কৰি বাছখন নদীৰ পৰা উলিয়াই অনা হয়।

স্থানীয় ৰাইজে জনোৱা মতে, বুধবাৰে সন্ধিয়া পদ্ম নদীৰ পাৰৰ ৰাজবাৰীৰ দৌলতদিয়া ফেৰী টাৰ্মিনেলত মৃত আৰু নিৰুদ্দেশ হোৱা লোকৰ পৰিয়ালে ভিৰ কৰে। উদ্ধাৰকাৰী দলটোৰ প্ৰাৰম্ভিক মূল্যায়ন অনুসৰি বাছখন নদীত বাগৰি পৰাৰ পিছত কোনো যাত্ৰী জীয়াই থকাৰ সম্ভাৱনা নাই। অৱশ্যে বাচি থকা এজন যাত্ৰীয়ে কয় যে যদিও তেওঁ সাঁতুৰি পাৰলৈ যাবলৈ সক্ষম হয়, তথাপিও বাছখন ডুব যোৱাৰ ফলত তেওঁৰ পত্নী আৰু সন্তান ডুব যায়। ৰাজবাৰীৰ কালুখালি উপজিলাৰ পৰা বাছত উঠা আব্দুল আজিজুলে কয় যে তেওঁও সাঁতুৰি নিৰাপদ স্থানলৈ গৈ বাচি যায়। অৱশ্যে তেওঁৰ পত্নী আৰু সন্তান এতিয়াও সন্ধানহীন বুলিও তেওঁ জানিবলৈ দিয়ে।

Exit mobile version