জলবায়ু স্থিৰতা সন্দৰ্ভত থকা ধাৰণাকে প্রত্যাহ্বান জনালে মণিপুৰত উদ্ধাৰ হোৱা জীৱাশ্মই

Figure 3 Fossil leaves

climate stability:✒️তিনি কোটি বছৰ পূৰ্বে উত্তৰ-পূবত কোমল ক্রান্তীয় ঘাঁহ-বন আছিল। শেহতীয়াভাৱে মণিপুৰত উদ্ধাৰ হোৱা কেতবোৰ উদ্ভিদৰ পাতৰ জীৱাশ্মই এই কথা প্ৰমাণ কৰিছে। এই জীৱাশ্মই প্রাচীন কালৰ জলবায়ু আৰু উত্তৰ-পূবৰ গছ-বন সম্পর্কতো এক নতুন ধাৰণাৰ সূত্রপাত ঘটাইছে।

এই সম্পর্কীয় এক প্রতিবেদন প্রকাশ পাইছে ‘জার্ণেল অব দ্য ব’টানিকেল ছ’চাইটি অব বেংগল’ শীর্ষক বিজ্ঞান পত্রিকাত। এই প্রতিবেদন অনুসৰি, মণিপুৰত শেহতীয়াভাৱে উদ্ধাৰ হোৱা উদ্ভিদৰ পাতৰ জীৱাশ্মসমূহ ইঅ’চিন যুগৰ অন্তিম সময়ৰ আছিল। ইঅ’চিন যুগ ৩৩.৯ নিযুতৰ পৰা ৫৬ নিযুত বছৰ পূর্বে আছিল। এই জীৱাশ্ম উদ্ধাৰৰ অধ্যয়ন সম্পন্ন কৰে লক্ষ্ণৌস্থিত বীৰবল চাহনি ইনষ্টিটিউট অব পেলিঅ’ছায়েন্সেছৰ হৰ্ষিতা ভাটিয়া আৰু গৌৰৱ শ্রীবাস্তৱে।

এই অধ্যয়নৰ সময়ত গৱেষকদ্বয়ে মণিপুৰৰ থৌবাল আৰু সেনাপতি জিলাৰ পৰা প্ৰাচীন খেজুৰ গছৰ পাতৰ জীৱাশ্ম উদ্ধাৰ কৰে। এই সম্পর্কত গবেষকদ্বয়ে প্রকাশ কৰা অনুসৰি, তেওঁলোকে উদ্ধাৰ কৰা জীৱাশ্মই স্পষ্ট কৰে যে ইঅ’চিন যুগত মণিপুৰ তথা উত্তৰ-পূবৰ উম্ম, আর্দ্রতাপূর্ণ আৰু বৰফবিহীন ক্রান্তীয় জলবায়ু আছিল।

খেজুৰৰ উপস্থিতিয়ে এই কথা প্ৰমাণ কৰে বুলি উল্লেখ কৰি গৱেষকদ্বয়ে লগতে কয়, ‘তেতিয়া অঞ্চলটোৰ জলবায়ু সেমেকা আছিল। কাৰণ ইয়াত উদ্ধাৰ হোৱা খেজুৰ আৰু অন্যান্য উদ্ভিদৰ পাতৰ জীৱাশ্মৰ জৰিয়তে প্রমাণ হৈছে যে এনে উদ্ভিদ উষ্ম আৰু আৰ্দ্ৰ পৰিৱেশতহে ডাঙৰ-দীঘল হয়।’

বিজ্ঞানীসকলে কৈ আহিছে যে খেজুৰৰ গছ প্ৰচুৰ বৰষুণ হোৱা উষ্ম পৰিৱেশতহে ডাঙৰ হয়। আনহাতে, এই জীৱাশ্ম পৰীক্ষা কৰি বিজ্ঞানীসকল সিদ্ধান্তত উপনীত হৈছে যে তিনি কোটি বছৰ পূৰ্বে উত্তৰ-পূবত গড় বার্ষিক তাপমাত্রা ২৫.৩ ডিগ্রী চেলছিয়াছ আৰু বার্ষিক বৃষ্টিপাত প্রায় ২৪৪ ছেন্টিমিটাৰ আছিল। এনে পৰিৱেশৰ স’তে বৰ্তমানৰ আৰ্দ্ৰ ক্রান্তীয় মৌচুমী জলবায়ুৰ পৰিৱেশৰ সাদৃশ্য আছে।

উক্ত গৱেষকদ্বয়ৰ অধ্যয়নে এই কথাও আঙুলিয়াই দিছে যে উত্তৰ-পূবত কোটি কোটি বছৰ পূৰ্বে প্ৰচুৰ বৃষ্টিপাত হৈছিল। অর্থাৎ তেতিয়াও আজিৰ দৰে গৰমৰ দিনত প্ৰচুৰ বৃষ্টিপাত হৈছিল আৰু জাৰৰ দিনত পৰিৱেশ শুকান হৈছিল। গতিকে তিনি কোটি বছৰ আগৰ পৰাই উত্তৰ-পূবৰ জলবায়ু একে আছে বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে। অর্থাৎ জলবায়ুগত স্থিৰতাৰ প্ৰতি বর্তমানে চলিত ধাৰণাক এই অধ্যয়নে প্রত্যাহ্বান জনাইছে।

উল্লেখ্য যে এই গৱেষকদ্বয়ে প্রাগ ঐতিহাসিক কালৰ জীৱাশ্ম পলসুৱা শিলৰ পৰা উদ্ধাৰ কৰে। এই জীৱাশ্ম উদ্ধাৰে উত্তৰ-পূবৰ অঞ্চলৰ প্ৰাচীন কালৰ জলবায়ু আৰু গছ-বন সম্পর্কীয় অধ্যয়নতো সহায় কৰিছে। এই সম্পর্কত গৱেষকদ্বয়ৰ অন্যতম হর্ষিতা ভাটিয়াই কয় যে যদি তিনি কোটি বছৰ পূৰ্বে কোনো বাহিৰৰ এজন লোকে মণিপুৰ ভ্ৰমণ কৰিলেহেঁতেন তেন্তে তেওঁ অঞ্চলটোত গভীৰ ক্রান্তীয় বনাঞ্চল দেখিবলৈ পোৱাৰ সম্ভাৱনা আছিল।

এই অৰণ্যত বহল ডাঙৰ পাতৰ গছ আৰু খেজুৰৰ গছ ঠাহ খাই থকা দেখা গ’লহেঁতেন। খেজুৰৰ গছৰ উপস্থিতিয়ে অঞ্চলটোৰ পৰিৱেশ উষ্ম হোৱাটো সূচায় বুলিও ভাটিয়াই মন্তব্য কৰে।

গৱেষকসকলৰ মতে, এই অধ্যয়নে ভাৰতৰ মৌচুমী বায়ু ব্যৱস্থাৰ আৰম্ভণিৰ বিকাশ সম্পর্কেও সূত্র দিছে। কেৱল মণিপুৰেই নহয়, নগালেণ্ডৰো প্ৰাচীন কালৰ জলবায়ু সম্পৰ্কে সম্যক ধাৰণা আহৰণতো এই অধ্যয়নে সহায় কৰিব বুলি ভাটিয়াই মতপোষণ কৰিছে।

Exit mobile version