যোৰহাটত ভয়ংকৰ বিস্ফোৰণ: নিহত এজন, আহত দুগৰাকী মহিলা

IMG 20260328 173036

Jorhat:✒️যোৰহাটৰ ৰজামৈদাম কলনীত আজি সংঘটিত হোৱা এক ভয়ংকৰ বিস্ফোৰণে অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, ভগা-ছিগা লোহাৰ দ’মত এই বিস্ফোৰণটো সংঘটিত হয়।

এই দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। নিহত লোকজনক নুৰ মহম্মদ বুলি চিনাক্ত কৰা হৈছে। লগতে বিস্ফোৰণটোত দুগৰাকী মহিলা গুৰুতৰভাৱে আহত হৈছে আৰু তেওঁলোকক তৎক্ষণাত চিকিৎসাৰ বাবে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাৰ পাছত আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। বিস্ফোৰণৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই ।

এই ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে আৰু স্থানীয় বাসিন্দাসকলে অধিক সুৰক্ষাৰ দাবী জনাইছে।

Exit mobile version