Akhil Gogoi Election Campign in Kaliabar:কলিয়াবৰত দলীয় প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰাভিযানত অংশ লৈ অখিল গগৈৰ হুংকাৰ

বিৰোধীৰ চৰকাৰ আহিলে জখলাবন্ধাৰ মাজেদি নিয়া হ'ব ফ'ৰলেন,হিমন্ত বিশ্ব শৰ্মাৰ মাটিয়েদি নহয়

WhatsApp Image 2026 03 28 at 2.40.14 PM

Akhil Gogoi Election Campign in Kaliabar:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈ পৰিছে শাসক – বিৰোধী সকলো দলৰ প্ৰচাৰাভিযান। অগপৰ দূৰ্গ নামে পৰিচিত কলিয়াবৰত অগপক প্ৰত্যহ্বাবান জনাবলৈ এইবাৰ কংগ্ৰেছ মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ ৰাইজৰ দলে প্ৰাৰ্থীত্ব দিছে প্ৰদীপ কুমাৰ বৰুৱাক ৷ অগপৰ প্ৰাৰ্থী কেশৱ মহন্তৰ মাৰাথন প্ৰচাৰৰ সমান্তৰালভাৱে ৰাইজৰ দলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ বৰুৱাই গাৱে-গাৱে অব্যাহত ৰাখিছে প্ৰচাৰাভিযান ৷

কলিয়াবৰত শুকুৰবাৰে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰাভিযান অংশ লৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সাংবাদিকৰে হোৱা বাৰ্তালাপত কয় যে,বিৰোধী ঐক্যমঞ্চৰ চৰকাৰ আহিলে এইবাৰ জে’ললৈ যাব লাগিব মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা । কলিয়াবৰ সমষ্টিৰ ব্ৰহ্মপুত্ৰই যিমান অংশ চুই গৈছে,সমস্ত এলেকাতো আমাৰ চৰকাৰে জিঅ’বেগক জৰিয়তে কলিয়াবৰক খহনীয়া প্ৰতিৰোধ আৰু বানপানীৰ পৰা ৰক্ষা কৰাৰ ব্যৱস্থা লোৱা হ’ব ৷

গগৈয়ে আৰু কয় যে, কলিয়াবৰত যিটো ফ’ৰলেন নিৰ্মাণৰ প্ৰস্তুতি চলোৱা হৈছে ৷ সেই ফ’ৰলেন জখলাবন্ধাৰ মাজেদি নিনি হিমন্ত বিশ্বশৰ্মাৰ মাটিয়েদি আৰু বাগিচাৰ মাজেদি নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যাৰফলস্বৰূপে হিমন্ত বিশ্বশৰ্মাই বহু টকা ইনকাম কৰিব খুজিছে ৷ এনেক্ষেত্ৰত আমাৰ বিৰোধী চৰকাৰ হোৱাৰ দুমাহৰ ভিতৰতে আমি মেপ খন আকৌ বদলাই ফৰলেনটো জখলাবন্ধাৰ মাজেদি নিয়াৰ পদক্ষেপ ল’ম। একেদৰে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্য হিচাপে গঢ়ি তোলা হ’ব অসমক ৷ তদুপৰি প্ৰতিখন গাৱঁত একোটাকৈ উদ্যোগ প্ৰতিষ্ঠা কৰি নিবনুৱা নিমূলৰ প্ৰতিশ্ৰুতি দোহাৰিলে শিৱসাগৰৰ বিধায়কজনে ৷

Exit mobile version