APCC Observer :
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-দিছপুৰৰ মচনদৰ পৰা বিজেপি মিত্ৰজোঁটক উৎখাত কৰাৰ লক্ষ্যৰে কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী মিত্ৰজোঁটে সমগ্ৰ ৰাজ্য নিৰ্বাচনী প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তোলাৰ মাজতে কংগ্ৰেছে নিজা প্ৰক্ষেপিত প্ৰাৰ্থী সকলৰ সহায়ক হোৱাকৈ নিযুক্তি দিয়ে ৫২ গৰাকী এপিচিচিৰ পৰ্যবেক্ষক ৷
সমষ্টিভিত্তিক আৰু জিলা ভিত্তিক নিয়োজিত দলীয় পৰ্যবেক্ষক সকলক দায়িত্ব অৰ্পণ কৰে এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে ৷ দায়িত্ব প্ৰাপ্ত সকলো কেই গৰাকী পৰ্যবেক্ষকে আজিৰ পৰাই নিজ নিজ সমষ্টিত দলীয় প্ৰাৰ্থীক সহযোগিতা ও পৰামৰ্শ আগবঢ়াব
