BJP:✒️নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী বিজেপি আৰু কংগ্ৰছ দুয়োটা দলে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে ৷ ৭২ নং গহপুৰ বিধান সভা সমষ্টিৰ কং(ই) দলৰ প্ৰাৰ্থী ডাঃ শংকৰজ্যোতি কুটুমে সৰ্তীথ সমৰ্থক সকলক লৈ গহপুৰ চহৰৰ সৰু-বৰ সকলো দোকান-পোহাৰ গৈ ভোট ভিক্ষা কৰা পৰিলক্ষিত হোৱাৰ বিপৰীতে বিজেপি দলৰ প্ৰাৰ্থী উৎপল বৰাইও সমষ্টিটো তিনি-চাৰি খন গাঁৱৰ পঞ্চায়ত এলেকাত নিৰ্বাচনী প্ৰচাৰ সভাৰ জৰিয়তে প্ৰচাৰ চলাই এক নিৰ্বাচনমুখী পৰিবেশৰ সূচনা কৰিছে।
থিক একেদৰে আজিও বিজেপি প্ৰাৰ্থী বৰাই পুঁৱা ১০-৩০ বজাত হিলৈপৰীয়া ৰঙ্গমঞ্চত পূৱ-কলাবাৰী গাঁও পঞ্চায়ত,১২ বজাত কামদেৱাল ক্ৰীড়া সন্থা খেল পথাৰত দক্ষীন কলাবাৰী গাঁও পঞ্চায়ত,১-৩০বজাত পহুকটা বাপুঁজী ৰঙ্গ মঞ্চত পশ্ছিম কলাবাৰী গাঁও পঞ্চায়ত আৰু ৩ বজাত কলাবাৰী ৰাজহুৱা ভৱনত কলাবাৰী গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাই।
উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰ সভাত সমষ্টিটোৰ কংগ্ৰেছ দল তথা দলীয় প্ৰৰ্থী গৰাকিক তীব্ৰ ভাষাৰে সমালোচনা কৰে । কং (ই) প্ৰৰ্থী ডাঃ শংকৰ জ্যোতি কুটুমক কুলি চৰাই লগত তুলনা কৰি কয় যে,কুলি চৰাই যেনে দৰে বসন্ত কালত আহি মৌ মিঠা মাতেৰে মানুহৰ মন জয় কৰে তেনদৰে ডাঃ কুটুমেও কোনো কালে গহপুৰীয়া ৰাইজৰ বিপদ আপদত দেখা দি নাপায়,কেৱল নিৰ্বাচনৰ সময়ত প্ৰাক্তন মন্ত্ৰী ৰিপুন বৰই আনি কংগ্ৰছ দলৰ লোক সকলক লগ লগাই দিছে।
ৰাজনিতীত অথবা ৰাইজৰ সেৱা কৰাৰ মানসিকতা থকা হলে কতিয়াবাই ৰাজনিতীৰ পথাৰলৈ আহিলে হেতেন। তেঁও কেৱল নিজৰ মুনাফা লাভৰ বাবেহে ৰাজনিতীলৈ আহিছে ।
