“চেলেঞ্জিং সময়” – Mann Ki Baat ত দেশবাসীক সতৰ্ক কৰিলে নৰেন্দ্ৰ মোডীয়ে

1774188141 modi meeting 1

Mann ki Baat:✒️পশ্চিম ছিয়াত চলি থকা যুদ্ধজনিত পৰিস্থিতিক “চেলেঞ্জিং সময়” বুলি অভিহিত কৰি দেশবাসীক একতাৰ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Narendra Modi)য়ে। দেওবাৰে তেওঁৰ নিয়মীয়া ৰেডিঅ’ কাৰ্যসূচী ‘মন কি বাত’ (Mann Ki Baat) দেশবাসীক সম্বোধন কৰি তেওঁ কয় যে, এই জটিল পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সকলোয়ে একেলগে আগবাঢ়িব লাগিব।

প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰে যে, পশ্চিম এছিয়াত প্ৰায় এক মাহ ধৰি চলি থকা যুদ্ধই বিশ্ব পৰিস্থিতিক অস্থিৰ কৰি তুলিছে আৰু ইয়াৰ প্ৰভাৱ ভাৰতৰ ওপৰতো পৰাৰ সম্ভাৱনা আছে। তেওঁ কয়, “এই সময়টো নিশ্চিতভাৱে কঠিন, কিন্তু দেশবাসীৰ ঐক্য আৰু সমন্বয়ে এই সংকট অতিক্ৰম কৰিব পাৰিম।”

তেওঁ দেশবাসীক ভুৱা বাতৰি পৰা সতৰ্ক থাকিবলৈ বিশেষ আহ্বান জনাই কয় যে, ভুল তথ্য বা অপপ্ৰচাৰে দেশৰ ক্ষতি কৰিব পাৰে। চৰকাৰৰ অফিচিয়েল তথ্যৰ ওপৰতহে ভৰসা কৰিবলৈ তেওঁ অনুৰোধ জনায়।

ইয়াৰ লগতে, প্ৰধানমন্ত্ৰীয়ে এই সংবেদনশীল বিষয়টোক ৰাজনীতিকৰণ নকৰিবলৈও সকলো পক্ষক সতৰ্ক কৰে। তেওঁৰ মতে, এই ধৰণৰ আন্তঃৰাষ্ট্ৰীয় সংকটত ব্যক্তিগত বা ৰাজনৈতিক স্বাৰ্থৰ স্থান নাই, কিয়নো ই ১৪০ কোটি ভাৰতীয় নাগৰিকৰ স্বাৰ্থৰ স’তে জড়িত।

তেওঁ লগতে উল্লেখ কৰে যে, বিশ্বজুৰি পেট্ৰ’ল আৰু ডিজেলক লৈ এক সম্ভাব্য সংকট গঢ় লৈ উঠিছে, যাৰ স’তে পশ্চিম এছিয়াৰ সংঘাত ঘনিষ্ঠভাৱে জড়িত। তথাপিও, ভাৰতৰ শক্তিশালী বৈদেশিক সম্পৰ্ক আৰু কূটনৈতিক সক্ষমতাৰ জৰিয়তে দেশখনে এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হৈছে বুলি তেওঁ আশা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে গাল্ফ দেশসমূহকো ধন্যবাদ জ্ঞাপন কৰে, যিসকলে সেই অঞ্চলত বাস কৰা কোটি কোটি ভাৰতীয় নাগৰিকক সহায় আগবঢ়াই আহিছে। এই সহযোগিতাই ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ সমৰ্থন বুলি তেওঁ উল্লেখ কৰে।

শেষত তেওঁ বিশ্বাস প্ৰকাশ কৰে যে, পূৰ্বৰ দৰে এইবাৰো দেশবাসীয়ে ঐক্যবদ্ধভাৱে এই সংকট অতিক্ৰম কৰিব আৰু শক্তিশালীভাৱে আগবাঢ়িব।

Exit mobile version