Vijaypat Singhania passed away:✒️ভাৰতীয় উদ্যোগ জগতৰ এক যুগৰ অন্ত পৰিল। ৰেমণ্ড গ্ৰুপ (Raymond Group)ৰ প্ৰাক্তন অধ্যক্ষ বিজয়পত সিংহানিয়া (Vijaypat Singhania)য়ে ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
তথ্য অনুসৰি শনিবাৰে মুম্বাইত তেওঁৰ মৃত্যু হয় ।তেওঁৰ মৃত্যুৰ এতিয়া উদ্যোগ আৰু বাণিজ্য জগতত শোকৰ ছাঁ পৰিছে।
দীৰ্ঘদিন ধৰি ৰেমণ্ড গ্ৰুপৰ নেতৃত্বত থকা সিংঘানিয়াই কোম্পানীটোক কেৱল ভাৰততে নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এক শক্তিশালী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
তেওঁৰ নেতৃত্বতেই “The Complete Man” ধাৰণাই ব্যাপক জনপ্ৰিয়তা লাভ কৰে আৰু ৰেমণ্ড ভাৰতীয় পুৰুষৰ পৰিচ্ছদৰ এক পৰিচিত প্ৰতীক হিচাপে গঢ় লৈ উঠে।
উদ্যোগপতি হিচাপে সাফল্যৰ উপৰিও Vijaypat Singhania আছিল এজন দুঃসাহসী বিমানপ্ৰেমী আৰু দক্ষ পাইলট। তেওঁ বিমান চলাচল ক্ষেত্ৰত কেবাটাও বিশ্বমানৰ কৃতিত্ব স্থাপন কৰিছিল, যাৰ বাবে ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ(Padma Bhushan) সন্মানেৰে সন্মানিত কৰিছিল।
তেওঁৰ জীৱনযাত্ৰা একাধাৰে অনুপ্ৰেৰণাদায়ক আৰু ঘটনাবহুল আছিল। ব্যৱসায়িক সফলতাৰ স’তে ব্যক্তিগত জীৱনৰ কিছু বিতৰ্কইও সময়মতে তেওঁক সংবাদ শিৰোনামলৈ আনিছিল, যদিও উদ্যোগ জগতত তেওঁৰ অৱদান আৰু দৃষ্টিভংগী সদায়েই বিশেষভাৱে স্বীকৃত হৈ থাকিব।
সিংঘানিয়াৰ নেতৃত্বত Raymond Group এক শক্তিশালী ব্যৱসায়িক সাম্ৰাজ্যলৈ ৰূপান্তৰিত হৈছিল, যিয়ে ভাৰতীয় বস্ত্ৰ উদ্যোগত নতুন মানদণ্ড স্থাপন কৰিছিল।
তেওঁৰ মৃত্যুত ভাৰতীয় উদ্যোগ জগতত এক শূন্যতাৰ সৃষ্টি হৈছে। বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলে ইতিমধ্যে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, আৰু তেওঁৰ অৱদান আগন্তুক প্ৰজন্মৰ বাবে এক অনুপ্ৰেৰণাৰ উৎস হৈ থাকিব।
