গহপুৰ ব্যৱসায়ী সন্থাৰ প্ৰাক্তন সভাপতি, গহপুৰ পৌৰ সভাৰ অন্তৰ্গত ন নং ৱাৰ্ড ৰূপ নগৰৰ নিবাসী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী গোপাল দে আজি পুৱা পাঁচ মান বজাত বাৰ্ঢ্যক জনিত ৰোগত বৈকুণ্ঠগামী হয় ।
গহপুৰৰ সকলো লোকৰ মাজত পৰিচিত দে’ আছিল ৰূপ নগৰস্থিত ৰাধা গোবিন্দ মন্দিৰৰ প্ৰতিষ্ঠাপক সভাপতি আৰু উত্তৰ গহপুৰ প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাতিৰ পদ অলংকৃত কৰিছিল।
দে’ৰ মৃত্যুত গহপুৰ ব্যৱসায়ী সন্থাই পুঁৱাৰে পৰা দিন ১১ বজালৈকে সকলো ব্যৱসায়-প্ৰতিষ্ঠান বন্ধ ৰাখি গভীৰ শোঁক প্ৰকাশ কৰি শোঁক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে অঞ্চলটোত গভীৰ শোঁকৰ ছাঁ পৰে।
৮৮ বছৰ বয়সত মৃত্যুক আকোৱালী লোৱা দে’য়ে মৃত্যুৰ সময়ত দুজন পুত্ৰ দুগৰাকী বোৱাৰী এগৰাকী কণ্যা আৰু নাটি-নাটিনী ইহ সংসাৰত এৰি থৈ যায়।
