ছহেজাৰ লোকে কৰ্তন কৰিলে এলপিজিৰ সংযোগ

পিএনজিৰ বাবে বাঢ়িছে আবেদন

government notifies landmark order for png connection

PNG:✒️ভাৰতত পাইপৰ জৰিয়তে প্রাকৃতিক গেছ (পিএনজি) ব্যৱহাৰ কৰা ছহেজাৰ লোকে এলপিজিৰ সংযোগ ত্যাগ কৰিলে। পেট্র’লিয়াম আৰু প্রাকৃতিক গেছ মন্ত্রণালয়ে এই তথ্য সদৰী কৰি জনোৱা অনুসৰি, ভাৰতত পিএনজি ব্যৱহাৰকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।

মন্ত্রণালয়ে বর্তমানে পিএনজি ব্যবহাৰ কৰা লোকসকলক এলপিজিৰ ব্যৱহাৰ বন্ধ কৰিবলৈকো আহান জনালে।

মন্ত্রণালয়ৰ সচিব নীৰজ মিট্রলে কালি ‘এক্স’ত এইদৰে লিখিলে, ‘শনিবাৰৰলৈকে দেশত ৬০০০ পিএনজি উপভোক্তাই নিজৰ এলপিজি কার্ড প্রত্যাহাৰ কৰিলে। তেওঁলোকক বহুত ধন্যবাদ। আপোনালোক যিসকলে পিএনজি ব্যৱহাৰ কৰিছে, তেওঁলোকক মই এলপিজি কার্ড উভতাই দিবলৈ অনুৰোধ জনাইছো।’

উল্লেখ্য যে মধ্য প্রাচ্যৰ যুদ্ধৰ কাৰণত বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো বন্ধন গেছৰ নাটনিয়ে দেখা দিছে।

Exit mobile version