IPL Match in Barsapara Stadium:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–আজি মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব IPL ৰ ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত মেটচ্ ৷ অৱশ্যে নিশাৰে পৰা অব্যাহত থকা কিনকিনিয়া বৰষুণে বিধি পথালি দিয়াৰ আশংকা কৰা হৈছে ৷
উল্লেখযোগ্য ঘৰুৱা দৰ্শকৰ বাবে প্রধান আকর্ষণ হ’ব অসম-সন্তান তথা ৰাজস্থান ৰয়েলছৰ অধিনায়ক ৰিয়ান পৰাগ। জাতীয় দললৈ প্ৰত্যাৱৰ্তনৰ দাবী সুদৃঢ় কৰিবলৈ ৰিয়ানৰ বাবে এই আইপিএলেই প্রধান মঞ্চ। অবশ্যে গুৱাহাটীৰ দৰ্শক সোমবাৰে কিছু হতাশো হ’ব। কিয়নো আঘাতৰ বাবে মেচখনত খেলিব নোৱাৰিব চেন্নাইৰ কিংবদন্তি মহেন্দ্র সিং ধোনিয়ে। তেওঁ দলৰ স’তে গুৱাহাটীলৈ অহা নাই। চেন্নাইৰ তৰুণ তাৰকা ডিৱাল্ড ব্রেভিছেও আঘাতৰ বাবে খেলখনত খেলিব নোৱাৰিব। অৱশ্যে দলৰ প্ৰধান আকর্ষণ হ’ব টি-২০ বিশ্বকাপৰ নায়ক সঞ্জু ছেমছন। তেওঁ অধিনায়ক কতুৰাজ গায়কোৱাড়ৰ স’তে ইনিংছ মুকলি কৰাৰ কথা। জুনিয়ৰ বিশ্বকাপ জয়ী দলৰ অধিনায়ক আয়ুষ মাত্রে, শ্রিম ডুবে আৰু মেথিউ শ্বৰ্টৰ ওপৰত মধ্যক্ৰমৰ দায়িত্ব থাকিব।
ইপিনে, নিজৰ পুৰণি দলৰ বিপক্ষে খেলিব ৰাজস্থানৰ প্ৰবীণ অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই। ৰাজস্থান দলত জাদেজাৰ উপৰি যশস্বী জয়ছোবাল, ধ্রুর জুৰেল, শ্বিমৰন হেটমেয়াৰ, জোফ্ৰা আৰ্চাৰৰ দৰে তাৰকা থাকিলেও কিশোৰ চাঞ্চল্য বৈভৱ সূর্যবংশীৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ ৰ’ব ৷
আনহাতে প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে ক্ৰিকেট অনুৰাগীৰ সোঁত বৈছে বৰ্ষাপাৰালৈ। ইয়াৰ মাজতে এক দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিনৰ ফটো সম্বলিত টি চাৰ্ট লৈ IPL চাবলৈ আহিল জুবিন অনুৰাগী ৷
