Jagiroad:জাগীৰোডত বিহু কৰ্মশালাত মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মন্তব্য

চৰকাৰ আহিব যাব কিন্তু জুবিন গাৰ্গ সদায় চিৰ বিৰাজমান, জুবিন গার্গে যদি ন্যায় নাপায় অসমত কোনে ন্যায় পাব ?

WhatsApp Image 2026 03 30 at 4.21.01 PM

Jagiroad:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–এখোজ দুখোজকৈ পদূলি পালেহি অসমীয়াৰ বাপোতিসাহোন ৰঙালী বিহু। সমাগত বিধানসভা নিৰ্বাচনৰ মাজতে ঠায়ে -ঠায়ে বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানে আয়োজন কৰিছে বিহু কৰ্মশালা। জাগীৰোডত এক বিহু কৰ্মশালাত অংশ লৈ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই সাংবাদিকৰে হোৱা এক বাৰ্তালাপত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয়,চৰকাৰ আহিব যাব কিন্তু জুবিন গাৰ্গ সদায় চিৰ বিৰাজমান। জুবিন গার্গে যদি ন্যায় নাপায় অসমত কোনে ন্যায় পাব? প্রকৃততে সেইদিনা কি হৈছিল ছিংগাপুৰত আমি জানিব বিচাৰো। আগন্তুক যিয়েই চৰকাৰ নহওক কিয়, জুবিন দাৰ ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বই লাগিব। এইক্ষেত্ৰত অসমবাসীয়ে ন্যায়লৈ অপেক্ষাৰত হৈ আছে I সেয়েহে জুবিন গার্গৰ ন্যায় অতি ক্ষিপ্ৰতৰ হোৱাটো প্ৰতিজনৰে কাম্য ৷

Exit mobile version