Central Guwahati:মধ্য গুৱাহাটীত প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন বিজয় গুপ্তা !

কুংকি চৌধুৰীক জনপ্ৰিয়তা শীৰ্ষত, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ ভৰি চুই আশীৰ্বাদ ল’লে অজাপ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে

WhatsApp Image 2026 03 31 at 2.10.14 PM

Central Guwahati:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গুৱাহাটীৰ চাৰিওটা সমষ্টিত নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে। বিজেপিৰে মিত্ৰতা হোৱা সূত্ৰে এইবাৰ অগপই মধ্য গুৱাহাটী( পূৰ্বৰ পশ্চিম গুৱাহাটী) সমষ্টিটো এৰি দিবলগীয়া হয় ব্ৰিগ ব্ৰাডাৰ বিজেপিক। যাৰ ফলস্বৰূপে সমষ্টিটোত দলটোৱে প্ৰক্ষেপ কৰে আৰএছএছৰ আৰ্শীবাদ পুষ্ট বিজেপিৰ পুৰণি কৰ্মী বিজয় গুপ্তাক ৷ সমষ্টিটোৰ অগপ প্ৰাৰ্থীত্ব প্ৰত্যাশি বৰ্ষীয়ান ৰাজনীতিক তথা বৰ্তমানৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা টিকট বঞ্চিত হৈ এতিয়া নিজকে ঘৰতে আবদ্ধ কৰি ৰাখিছে ৷ বিজেপিৰ প্ৰাৰ্থীৰ হৈ এই পৰ্যন্ত চলোৱা নাই কোনো প্ৰচাৰ কাৰ্য ৷

আনহাতে কংগ্ৰেছৰে মিত্ৰতা হোৱা সূত্ৰে অসম জাতীয় পৰিষদে মধ্য গুৱাহাটীত প্ৰাৰ্থী ৰূপে প্ৰক্ষেপ কৰে লণ্ডনত উচ্চ শিক্ষা গ্ৰহণ কৰি অহা ২৮ বছৰীয়া তৰুণ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কুংকি চৌধুৰীয়ে ৷ এগৰাকী সহজ সৰল- সৰবৰহী কুংকিৰ সাৱলীল ভাষণে ইতিমধ্যে সমষ্টিটোৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ এনেক্ষেত্ৰত বিজয় গুপ্তাৰ ভঙা ভঙা অসমীয়া ভাষাত দিয়া ভাষণক লৈ অতিষ্ঠ বহুজন ৷ সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে খোজ কাঢ়ি অজাপ প্ৰাৰ্থী কুংকি চৌধুৰীয়ে প্ৰচাৰ কাৰ্য চলাই গৈছে ৷ সহাৰীও দিছে অলেখজনে ৷ ইয়াৰ মাজতে কুংকিয়ে সমষ্টিটোৰ বিদায়ী বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ ভৰি চুই আশীৰ্বাদ লয়।

অৱশ্যে হিন্দীভাষী বিজয় গুপ্তাৰ শেষ অস্ত্ৰ মধ্য গুৱাহাটীৰ হিন্দীভাষী ভোটাৰ ৷ এই ভোটাৰৰ লগতে হিন্দু বঙালীৰ ভোটো আছে যথেষ্ট ৷ এনেক্ষেত্ৰত হিন্দীভাষী আৰু হিন্দু বঙালীৰ ভোটৰ ৮০ শতাংশ ভোট গুপ্তাই লাভ কৰিব বুলি দৃঢ়ভাৱে বিশ্বাস কৰে গুপ্তা। এই ভোটৰ অংক লৈ গপত উফন্দি থকা বিজয়ে শেষ মুহূৰ্তত হাঁহি মৰাৰ সম্ভাৱনা আছে ৷

তথাপিও তৰুণ প্ৰজন্মৰ প্ৰথম পচন্দ হিচাপে বিবেচিত হোৱা কুংকি চৌধুৰীৰ অশ্বমেধ ঘোঁৰাই সমষ্টিটোত সকলো স্তৰৰ ভোটাৰৰ মন জয় কৰিলে বিজয়ৰ জয়ৰ পথ কোনো পধ্যেই সুগম নহয় বুলি সচেতন মহলে মন্তব্য কৰিছে ৷

Exit mobile version