Hagrama Mohilary:নিৰ্বাচনী গৰম বতাহৰ মাজত হাগ্ৰামা মহিলাৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য

যিখন সভাত মহিলাৰ সংখ্যা বেছি হয়, সেই ঠাইত জিকাতো নিশ্চিত

WhatsApp Image 2026 03 31 at 3.08.38 PM

Hagrama Mohilary:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ভীৰ বাঢ়িছে তাৰকা প্ৰচাৰকৰ ৷ শাসকীয় বিজেপিৰ সমানে সমানে কংগ্ৰেছৰো ষ্টাৰ কেম্পেইনাৰে নিজ নিজ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ সভাত অংশ লৈ ভোটাৰৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

বিটিচিত বিজেপি মিত্ৰজোঁটৰ প্ৰধান তাৰকা প্ৰচাৰক ৰূপে অৱতীৰ্ণ হৈছে বিটিচি আৰু বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰী ৷ বিটিচিৰ ১৫ খন আসন দখল কৰাৰ লক্ষ্যৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মাৰাথন প্ৰচাৰাভিযান অংশ লোৱা হাগ্ৰামা মহিলাৰীয়ে মঙলবাৰে এক নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাংবাদিকৰে হোৱা বাৰ্তালাপত মহিলা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয়,যিখন সভাত মহিলাৰ সংখ্যা বেছি হয়, সেই ঠাইত জিকাতো নিশ্চিত৷ মহিলাক আমি লক্ষী মানো ৷ মহিলাসকল সভালৈ এনেই নাহে৷ এনেক্ষেত্ৰত এইবাৰ মহিলা সকল বিজেপি মিত্ৰজোঁটৰ পক্ষত ভোটদান কৰাটো এশ শতাংশ খাটাং।

Exit mobile version