Zubeen garg Case:ফাষ্টট্রেক আদালতত জুবিন গাৰ্গৰ মৃত্যু গোচৰৰ দ্বিতীয়টো শুনানি

পুৱাই আদালতত উপস্থিত জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ, আজি শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ যুক্তি শুনিব আদালতে

WhatsApp Image 2026 03 31 at 12.19.29 PM

Zubeen garg Case:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-সোমবাৰৰ পৰা দ্রুত আদালতত আৰম্ভ হ’ল জুবিন হত্যাৰ গোচৰৰ শুনানি ৷ কামৰূপ সত্ৰ ন্যায়াধীশ আদালতৰ ৩নং ক’ৰ্টত ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতত অনুষ্ঠিত শুনানিত প্রথমদিনা পত্নী গৰিমা গাৰ্গকে ধৰি জুবিনৰ কে’বাজনো সহ-শিল্পী উপস্থিত থাকে।

সোমবাৰৰ পৰা আৰম্ভ হোৱা এই বিচাৰ ব্যৱস্থাক লৈ আশাবাদী বুলি অনুভৱ ব্যক্ত কৰে গৰিমা শইকীয়াই। কালিৰ প্রথমদিনা অন্যতম অভিযুক্ত জুবিনৰ পিএছঅ নন্দেশ্বৰ বৰাই নিজৰ ফোনটো ব্যৱহাৰ কৰিব পৰাকৈ তেওঁক হস্তান্তৰ কৰাৰ বাবে জনোৱা আবেদনখন আদালতে নাকচ কৰে। ফোনটো যাতে আবেদনমৰ্মে হস্তান্তৰ কৰা নহয় সেই যুক্তি চৰকাৰী পক্ষৰ অধিবক্তাই আদালতত দর্শায়। একেদৰে আন এগৰাকী অভিযুক্ত অমৃতপ্রভা মহন্তৰ ওপৰত গোচৰৰ ধাৰা আৰোপক লৈয়ো শুনানি অনুষ্ঠিত হয়।

আনহাতে মঙলবাৰে পুৱা আগবেলা শ্যামকানু মহন্তৰ আৰু পিছবেলা সিদ্ধার্থ শৰ্মাৰ গোচৰৰ ধাৰা আৰোপক লৈ শুনানি অনুষ্ঠিত হয়। শ্যামকানু মহন্তৰ বেংক একাউন্ট পুনৰ জব্দ কৰিব লাগে বুলি এছআইটিয়ে এখন আবেদনো দাখিল কৰে।

ইপিনে, শুনানিৰ অন্তত গৰিমা গার্গে কয়, ‘এতিয়া বিচাৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবাঢ়ক আৰু জুবিনে ন্যায় লাভকৰক। সেয়াই আমাৰ আশা। সেই বিশ্বাস-আস্থাত আমি আছো।’ আজি আদালতত জুবিন গাৰ্গৰ কে’বাজনো সতীর্থ তথা বাদ্যযন্ত্রী উপস্থিত থাকে। ইয়াৰ ভিতৰৰ পাৰ্থপ্রতিম গোস্বামীয়ে এছআইটিৰ অভিযোগনামাক লৈ যথেষ্ট আশংকা প্রকাশ কৰে। গোস্বামীয়ে কয়, ‘আমি জয় হ’ম বুলি গভীৰ আশাবাদী। তথাপি ভয় এটা লাগি আছে। মুখ্যমন্ত্রীয়ে কৈছিল যে পানী নসৰকা চার্জশিট দিয়া হ’ব। তাৰ পাছতো আমি দুটাত পৰাজিত হ’লো। প্রথমেই নারব তলি ফুটিল। জুবিনৰ টকাবে খোলা ব্যৱসায়িক প্রতিষ্ঠান খুলি দিবলগীয়া হ’ল, বেংক একাউন্টো খুলি দিবলগীয়া হ’ল।’ জুবিনক লৈ বহুতে বাজনীতি কৰা বুলিও খেদ প্রকাশ কৰে গোস্বামীয়ে।

ইপিনে , আজি দ্বিতীয় দিনাৰ শুনানিৰ বাবে পুৱাই আদালতত উপস্থিত হয় জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ ৷ আজি শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাৰ অধিবক্তাৰ যুক্তি শুনিব আদালতে I

Exit mobile version