Axom shahitya Sobha History Conference in dibrugarh: ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ আন্তঃৰাষ্ট্ৰীয় বুৰঞ্জী আৰু দর্শন সম্মিলন

WhatsApp Image 2026 04 01 at 11.49.34 AM

Axom shahitya Sobha History Conference in Dibrugarh:

ডিব্ৰুগড়ত অসম সাহিত্য সভাৰ আন্তঃৰাষ্ট্ৰীয় বুৰঞ্জী আৰু দর্শন সম্মিলন।ডিব্রুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ বুৰঞ্জী আৰু দর্শন বিভাগৰ উদ্যোগত, ডিব্ৰুগড় সাহিত্য সভা,অসম মহিলা বিশ্ববিদ্যালয়, আৰু ভাৰতীয় ইতিহাস সংকলন সমিতি, অসমৰ সহযোগত পোন প্ৰথমবাৰৰ বাবে কানৈ মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ সভাকক্ষত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় বুৰঞ্জী আৰু দর্শন সম্মিলন খন উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ড: বসন্ত কুমাৰ গোস্বামীয়ে।

আদৰণি সমিতিৰ সভাপতি ড: শশীকান্ত শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ড: নিৰোদ বৰুৱা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাধ্যাপক ড: যোগেন চন্দ্র কলিতা, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচার্য ড:অজন্তা ৰাজকোঁৱৰ,ভাৰতীয় ইতিহাস সংকলন যোজনা নতুন দিল্লীৰ ৰাষ্ট্ৰীয় মহাসচিব হেমন্ত ধিং মজুমদাৰ, বিশিষ্ট সমাজকৰ্মী জ্যোতি প্ৰসাদ কানৈ সহ কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে।

দুয়োখন আলোচনা সত্রত সমল ব্যক্তি হিচাপে উপস্থিত থাকে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড: ত্রিদিপ মহন্ত, মৰিধল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড: ভৱানী চহৰীয়া, অনলাইন মাধ্যমত সংযুক্ত হয় ক্রমে অসম সাহিত্য সভাৰ গ্রেট বৃটেইন শাখাৰ সভাপতি গীতা বৰুৱা,জাৰ্মানীৰ শ্রীমন্ত ভুঞা আৰু দক্ষিণ আফ্রিকাৰ ড: মুকুট গোহাঁই। উল্লেখ্য যে সম্মিলনখনিৰ দুয়োখন আলোচনা সত্রত ত্রিশখন গৱেষণা পত্র পাঠ কৰা হয়।

Exit mobile version