Piyanka Gandhi Special Comment in Assam:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–ৰাজ্যৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অহা প্ৰিয়ংকা গান্ধীয়ে বুধবাৰে নাজিৰা,টিংখা আৰু খোৱাঙত অনুষ্ঠিত বিশাল সভাত অংশ লয় ৷ সভাৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত শীৰ্ষ কংগ্ৰেছৰ নেত্ৰী গৰাকীয়ে কয়,জুবিন গাৰ্গ গুচি যোৱাত অসমৰ প্রতিজন লোকে কান্দিছিল | এনেকুৱা লাগিছিল যে অসমৰ প্ৰতিঘৰ লোকৰ একোজন সদস্যৰ মৃত্যু হৈছিল | আমি বাহিৰৰ পৰা ভাবিছিলো জুবিনৰ সৈতে অসমৰ লোকৰ এই সম্পর্ক কেনেকৈ গঢ় লৈ উঠিছিল, জুবিন কেনেকুৱা ব্যক্তি আছিল | লাহে লাহে বুজি পালো যে জুবিন গাৰ্গ অসমৰ কণ্ঠ আছিল |
আনহাতে ৰাইজে দাবী কৰাৰ পিছতো ন্যায় পোৱা নাই জুবিন গার্গে’। আমি অসমৰ অসংখ্য জনতাৰ মত আৰু কণ্ঠক অৱজ্ঞা কৰিব নোৱাৰোঁ। জুবিন গাৰ্গৰ অৰিহণা অসমলৈ বহুত বেছি আছে | এনেবোৰ বহু কাৰণ লৈয়ে অসমত ৰাইজে এখন নতুন চৰকাৰ হোৱাটো বিচাৰিছে’। যিখন চৰকাৰে কেৱল মাত্ৰ জনতাৰ সেৱাৰ বাবে কাম কৰে। প্রধানমন্ত্রী মোদীয়ে ভাৰতক যদি আজি আমেৰিকা আৰু ইজৰাইৰ গোলাম নকৰিলেহেঁতেন, তেন্তে দেশৰ আজি এই অৱস্থা নহ’লহেঁতেন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে প্ৰিয়ংকা গান্ধীয়ে ।
