Rahul Gandhi :বিজয়নৰ চৰকাৰ চলাইছে মোদীয়ে: কেৰলমত বাম মৰ্চাৰ চৰকাৰক কটাক্ষ ৰাহুলৰ

WhatsApp Image 2026 04 01 at 5.46.35 PM

Rahul Gandhi :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–কেৰলমৰ বিধানসভা নির্বাচন উপলক্ষে কংগ্ৰেছৰ প্ৰচাৰত অংশ লৈ দলৰ সাংসদ ৰাহুল গান্ধীয়ে ৰাজ্যৰ পিনাৰাই বিজয়নৰ চৰকাৰক তীব্ৰ আক্ৰমণ কৰিলে। ভাৰতৰ বিদেশ নীতিৰ পৰা অর্থনীতিলৈ সকলো বিষয়ক সামৰি নৰেন্দ্ৰ মোদীৰ চৰকাৰক সমালোচনা কৰাৰ লগতে ৰাহুলে কয় যে ভাৰতৰ নীতি নির্ধাৰণক এতিয়া আমেৰিকা আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ প্ৰভাৱ সৰ্বাধিক। ঠিক একেদৰে কেৰলমৰ বিজয়ন চৰকাৰক নিয়ন্ত্ৰণ কৰিছে মোদীয়ে।

কেৰলমৰ বাম মৰ্চাৰ চৰকাৰৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ উত্থাপন কৰি ৰাহুলে ক’লে, ‘সৱৰিমালা মন্দিৰ সংক্রান্ত ঘটনাত কোনো পদক্ষেপ লোৱা নহ’ল। বামসকলে সোণ চোৰ কৰিছে, তাৰ সলনি পিতল লগাইছে। সৱৰিমালাত তেওঁলোকৰ নেতাই চুৰি কৰিছে, অথচ কোনো ব্যৱস্থা লোৱা হোৱা নাই।’ বিজেপিয়ে কিয় কেৰলমৰ বাম চৰকাৰক বিশেষ আক্ৰমণ নকৰে বুলিও প্রশ্ন কৰিলে কংগ্ৰেছ সাংসদজনে। ৰাহুলৰ দাবী, ৰাজনৈতিক স্বার্থতে বিজেপিয়ে এই অৱস্থান গ্ৰহণ কৰি আহিছে, কিয়নো মোদীয়ে কেৰলমত বাম চৰকাৰকে বিচাৰে। বিজয়নৰ চৰকাৰ প্ৰকৃততে চলাইছে মোদীয়ে।

Exit mobile version