Gohpur:গহপুৰত কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত নিৰ্বাচন কেন্দ্ৰিক সংঘাত 

বিজেপি চৰকাৰে প্ৰতি বছৰে কেৱল মাত্ৰ প্ৰতিশ্ৰুতিহে প্ৰদান কৰে- ডাঃ শংকৰজ্যোতি কুটুম

WhatsApp Image 2026 04 02 at 10.33.13 AM

Gohpur:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–গহপুৰত বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বোকা ছটিওৱা ৰাজনীতিয়ে ধূসৰ কৰি তুলিছে গহপুৰৰ ৰাজনৈতিক বতাহ। কংগ্ৰেছৰ প্ৰচাৰ সভাত একাংশ বিজেপিৰ কৰ্মকৰ্তাই বাধা প্ৰদান কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে গহপুৰৰ কংগ্ৰেছ দলে। গহপুৰৰ কলমৌগুৰিত কংগ্ৰেছৰ প্ৰচাৰ ৰেলীত বিজেপিৰ কৰ্মকৰ্তাৰ আক্ৰমণৰ অভিযোগ তোলাৰ বিপৰীতে কংগ্ৰেছৰ ফালৰ পৰাও গাড়ীত গুৰিওৱাৰ গুৰুতৰ অভিযোগ তুলিছে বিজেপিয়ে। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰাৰ্থী শংকৰজ্যোতি কুটুমে। ইফালে দুয়োটা দলৰ মাজত ঘটনাস্থলীত এফালে উৎপল বৰা জিন্দাবাদ ধ্বনি আৰু আনফালে মুৰ্দাবাদ শ্লোগানেৰে উত্তাল হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান।

গহপুৰ সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে। কংগ্ৰেছ দলৰ সমৰ্থকে তীব্ৰ ভাষাৰে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী উৎপল বৰা আৰু সমৰ্থকক গৰিহণা দিয়াৰ বিপৰীতে বিজেপি দলৰ সমৰ্থকেও কংগ্ৰেছ দলত তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী উৎপল বৰাৰ বিপৰীতে কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাঃ শংকৰজ্যোতি কুটুম, ইউ পি পি এলৰ নিৰ্বাচিত প্ৰাৰ্থী নিত্যানন্দ বসুমতাৰী, নিৰ্দলীয় প্ৰাৰ্থী হেমন্ত বিজয় মহন্তই এই ঐতিহাসিক গহপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। গহপুৰ বিধানসভা সমষ্টিত মুঠ ২৮খন পঞ্চায়ত আছে। মুঠ ভোটাৰ‌ৰ সংখ্যা ১৭১,৫৭৯ জন। ইয়াৰে ৮৬,৬০৯ গৰাকী পুৰুষ, ৮৪,৯৭০ গৰাকী মহিলা ভোটাৰ। সমষ্টিটোত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ৩৪ খন পঞ্চায়ত আছিল। সমষ্টি পুনৰ নিৰ্ধাৰণত ইয়াৰে ৬খন পঞ্চায়ত বিহালী সমষ্টিত অন্তৰ্ভুক্ত হ’ল।‌

নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ দলৰ প্ৰাৰ্থী ডাঃ শংকৰজ্যোতি কুটুমে ভাষণ প্ৰসংগত বিভাজন আৰু নেৰেটিভ সৃষ্টি ৰাজনীতিৰ পৰিৱৰ্তে কংগ্ৰেছৰ শান্তি আৰু পৰিৱৰ্তনৰ শ্লোগানৰ প্ৰতি আগবাঢ়ি আহিছে ৰাইজ। সাধাৰণ ৰাইজে মনত পেলাইছে ১০ বছৰৰ আগৰ মূল্যবৃদ্ধিহীন এখন সমাজ, টেক্সহীন এখন সমাজৰ। সেয়ে ৰাইজ আজি কংগ্ৰেছৰ লগত থিয় হৈছে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বহু পঞ্চায়তৰ শ শ লোকে আমাৰ দলত যোগদান কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সুচ্চাৰ হৈ উঠিছে। যিয়ে আমাৰ দলক অধিক শক্তিশালী কৰি তুলিছে।

ইফালে চাহ-বাগিচাসমূহত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ প্ৰাৰ্থী ডাঃ কুটুমে চাহ-বাগিচাসমূহ অসমৰ অৰ্থনীতিৰ মূল চালিকাশক্তি। বিজেপি চৰকাৰে প্ৰতি বছৰে কেৱল মাত্ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ বাদে এই চাহ বাগিচা আৰু আদিবাসী ভাই ভনীহঁতৰ উন্নয়নৰ বাবে একোৱেই নকৰিলে। ভূমিপট্টা তেওঁলোকৰ অধিকাৰ, ইয়াক লৈ বিজেপিয়ে বাহ বাহ লোৱাৰ কোনো যুক্তি নাই বুলি উল্লেখ কৰি বক্তব্য ৰাখে। বিজেপিক মিথ্যাচাৰী ৰাজনৈতিক দল বুলি উল্লেখ কৰি বিজেপি দলৰপৰা ওলাই আহি আদিবাসী ভাই-ভনীয়ে কংগ্রেছ দলত যোগদান কৰিছে বুলি দাবী কৰে।

Exit mobile version