BJP:✒️আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱা দেখা গৈছে। এই পৰিপ্ৰেক্ষিতত কাইলৈ গুৱাহাটীলৈ আহিব বিজেপিৰ যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তথা সাংসদ তেজস্বী সূৰ্য। তথ্য অনুসৰি,দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত তেওঁ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিব ।
বিশেষকৈ Gen-Z ভোটাৰক লক্ষ্য কৰি প্ৰচাৰ অভিযান চলাব তেজস্বী সূৰ্যই। সামাজিক মাধ্যম, যুৱ প্ৰজন্মৰ স’তে প্ৰত্যক্ষ সংযোগ আৰু বিভিন্ন জনসংযোগমূলক কাৰ্যসূচীৰ জৰিয়তে তেওঁ যুৱ ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা চলাব।
বিজেপিয়ে এইবাৰ যুৱ ভোটাৰক কেন্দ্ৰ কৰি বিশেষ কৌশল গ্ৰহণ কৰা বুলিও ৰাজনৈতিক মহলত আলোচনা চলিছে।
দিছপুৰ সমষ্টিত প্ৰচাৰৰ গতি ইতিমধ্যে তীব্ৰ হৈ উঠিছে। তেজস্বী সূৰ্যৰ উপস্থিতিয়ে প্ৰচাৰত নতুন গতি যোগাব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে, নিৰ্বাচনৰ পূৰ্বে গুৱাহাটীত বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ আগমন ঘটি থকাৰ মাজতে এই ভ্ৰমণক গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
