সংসদত জনতাৰ সমস্যা উত্থাপন কৰাটো অপৰাধ নেকি?

দলীয় ব্যৱস্থাক প্ৰশ্ন ৰাঘৱ চাড্ডাৰ

IMG 20260403 130701

Raghav Chadha:✒️সংসদত জনসাধাৰণৰ সমস্যা উত্থাপন কৰাটো অপৰাধ নেকি ? এই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ৰাঘৱ চাড্ডা(Raghav Chadha)য়ে । নিজৰ দলৰ ভিতৰত উপেক্ষাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন কৰি এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেওঁ এই মন্তব্য আগবঢ়ায়।

তথ্য অনুসৰি, আম আদমীৰ পাৰ্টি (Aam Aadmi Party)ৰ ফালৰ পৰা ৰাজ্যসভাত ডেপুটি লীডাৰ পদৰ পৰা আঁতৰোৱা হৈছে ৰাঘৱ চাড্ডাক। লগতে সংসদীয় কাৰ্যকলাপত অংশগ্ৰহণৰ ক্ষেত্ৰতো তেওঁক সীমাবদ্ধ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে তেওঁ।

নিজৰ বক্তব্যত চাড্ডাই কয় যে, তেওঁ সদায় সংসদত জনতাৰ প্ৰাসংগিক সমস্যা তুলি ধৰাৰ চেষ্টা কৰি আহিছে। “যদি জনতাৰ স্বৰ সংসদত প্ৰতিফলিত কৰাটো অপৰাধ হিচাপে গণ্য কৰা হয়, তেন্তে মই জানিব বিচাৰোঁ—মই কি দোষ কৰিলোঁ?” এই প্ৰশ্ন তুলি ধৰে তেওঁ।

লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে, তেওঁৰ কণ্ঠ ৰোধ কৰাৰ যিকোনো চেষ্টা সত্ত্বেও তেওঁ নীৰৱতাক পৰাজয় হিচাপে গ্ৰহণ নকৰে। তেওঁ কয়,“মই হয়তো এই মুহূৰ্তত নীৰৱ, কিন্তু পৰাজিত নহওঁ। সময় আহিলে মই নদীৰ দৰে প্লাৱন হৈ উঠিম।”

এই মন্তব্যৰ পাছতেই ৰাজনৈতিক মহলত ব্যাপক চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ Aam Aadmi Party-ৰ ভিতৰত সম্ভাৱ্য মনোমালিন্য আৰু মতানৈক্যক লৈ নানা জল্পনা-কল্পনা বৃদ্ধি পাইছে।

অৱশ্যে দলীয় সূত্ৰে এই অভিযোগসমূহ অস্বীকাৰ কৰা হৈছে। তথাপিও ঘটনাটো ইতিমধ্যে জাতীয় ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ আলোচ্য বিষয় হিচাপে পৰিগণিত হৈছে।

Exit mobile version