Anand Mishra Election Campaign in Assam:অসমত নির্বাচনী প্ৰচাৰ চলাবলৈ আহিব বিহাৰৰ বক্সাৰৰ বিজেপি বিধায়ক আনন্দ মিশ্র

নগাঁও তিনিচুকীয়া আৰু লখিমপুৰত বিজেপি প্রার্থীৰ হৈ চলাব প্ৰচাৰ, জালুকবাৰীটো প্ৰচাৰ সভাত অংশ লোৱাৰ সম্ভাৱনা বক্সাৰৰ বিজেপি বিধায়ক আনন্দ মিশ্ৰৰ

WhatsApp Image 2026 04 03 at 12.20.35 PM

Anand Mishra Election Campaign in Assam:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-এসময়ত অসমত দক্ষতাৰে অসম আৰক্ষীত কাৰ্যনিৰ্বাহ কৰি যোৱা প্ৰাক্তন আইপিএছ বিষয়া তথা বৰ্তমান বিহাৰৰ বক্সাৰৰ বিজেপি বিধায়ক আনন্দ মিশ্রই তিনিদিনীয়া ভ্ৰমণসচীৰে অসমলৈ আহিত ৫ এপ্ৰিলত ৷

ধুবুৰী ,নগাঁও আৰু লখিমপুৰৰ আৰক্ষী অধীক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সময়ত অসমৰ নতুন প্ৰজন্মৰ মাজত অতিশয় জনপ্ৰিয় হৈ পৰা আনন্দ মিশ্ৰই পাঁচ এপ্ৰিলত অসমত উপস্থিত হৈয়ে তিনিচুকীয়াত বিজেপি প্রার্থী পুলক গোহাঁই হৈ চলোৱাৰ বিপৰীতে ৬ এপ্ৰিলত লখিমপুৰত লখিমপুৰৰ বিজেপি প্রার্থী মানৱ ডেকাৰ হৈ চলাব প্ৰচাৰ । আনহাতে ৭ এপ্ৰিলত নগাঁৱত বিজেপি প্রার্থী ৰূপক শৰ্মাৰ হৈ কে’বাখনো প্ৰচাৰ সভাত ভাগ ল’ব ৷

আনহাতে জালুকবাৰীটো সমষ্টিটোৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ হৈ কে’বাখনো প্ৰচাৰ সভাত অংশ লোৱাৰ সম্ভাৱনা আছে বক্সাৰৰ বিজেপি বিধায়ক আনন্দ মিশ্ৰৰ ৷

 

Exit mobile version