Bokakhat:
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ১০৫ নং বোকাখাত বিধানসভা সমষ্টিত শাসক-বিৰোধীৰ প্ৰচাৰ যুদ্ধই তীব্ৰ ৰূপ ধাৰণ কৰিছে। সমষ্টিটোত অগপৰ সভাপতি তথা এন ডি এ-ৰ প্ৰাৰ্থী অতুল বৰাক মোক্ষম আঘাত দিবলৈ এইবাৰ কঁকালত টঙালি বান্ধিছে বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াই লগতে প্ৰনৱ দলে। উত্তৰ মহুৰা, দিচৈ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত এক ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে বিজেপি-অগপ চৰকাৰ আৰু অতুল বৰাৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে।লগতে যোৱাবাৰ বিধান সভাৰ নিৰ্বাচনত দ্বিতীয় স্থান লাভ কৰা প্ৰনৱ দলে বিভিন্ন ঠাইত ৰাইজৰ সহযোগ লাভ কৰা দেখা গৈছে।
তেনেদৰে বোকাখাতৰ দুবাৰৰ বিধায়ক তথা কাজিৰঙাৰ বাঘ খ্যাত জীতেন গগৈও পিছ পৰি থকা নাই। বোকাখাতৰ ৰাজনীতিৰ প্ৰেক্ষাপট লক্ষ্য কৰিলে অনুমান কৰিব পাৰি যে প্ৰাক্তন কৃষি মন্ত্ৰী অতুল বৰাই বোকাখাতৰ উন্নতি কৰিছো বুলি দাংকোৱ মাৰিলেও এজন মন্ত্ৰী হিচাপে একো কাম কৰা নাই । ১০ বছৰত বোকাখাতৰ ৰাইজে যিমান আশা কৰিছিল তাৰ আধাও কাম হোৱা নাই বুলি বিৰোধী সকলে মত প্ৰকাশ কৰি আহিছে। তেনে ক্ষেত্ৰত এইবাৰ বোকাখাতত অতুল বৰাক কিয় ভোট দিব বুলি কৰা সাংবাদিকৰ প্ৰশ্ন কৰা উত্তৰ দিব পৰা নাই ভোটাৰ সকলে।
উল্লেখযোগ্য যে ৰাইজৰ দলৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াই প্ৰচাৰ অভিযানৰ মাজতে সংবাদ মাধ্যমৰ সন্মুখত সৰৱ হৈ অতুল বৰাক ব্যক্তিগত আক্ৰমণ কৰে। তেওঁ কয়, অতুল বৰা বোকাখাতৰ স্থানীয় নহয়। যিজন ব্যক্তি এই মাটিৰ সন্তান নহয়, তেওঁ কেনেকৈ বোকাখাতৰ ৰাইজৰ আশা-আকাংক্ষা আৰু দুখ-বেদনা অনুভৱ কৰিব? তেওঁ কেৱল নিৰ্বাচনৰ সময়তহে উন্নয়নৰ নাটক কৰে। শইকীয়াই দাবী কৰা মতে, এজন বহিৰাগত প্ৰতিনিধিয়ে সমষ্টিটোৰ স্থায়ী উন্নয়নৰ কথা কেতিয়াও চিন্তা কৰিব নোৱাৰে।
ইপিনে নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰনৱ দলে দহ বছৰত মিচিং জনজাতিৰ সকলক বিশেষকৈ বানাক্ৰান্তৰ বিষয়টোক লৈ চৰকাৰক কঠোৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে যোৱা বৰ্ষৰ বানত বিধ্বস্ত হোৱা পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদানৰ নামত অতুল বৰাই কেৱল প্ৰতাৰণা কৰিলে। ক্ষতিগ্ৰস্ত ৰাইজে এতিয়াও উচিত সাহায্য পোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বোকাখাতৰ ৰাইজে এই প্ৰতাৰণাৰ উচিত প্ৰত্যুত্তৰ ইভিএমৰ জৰিয়তে দিব।
নিৰ্বাচনী প্ৰচাৰ অভিযানত হৰিপ্ৰসাদ শইকীয়াক কংগ্ৰেছ, অসম জাতীয় পৰিষদ আৰু বিৰোধী ঐক্য মঞ্চৰ সন্মিলিত দলসমূহৰ স্থানীয় নেতা-কৰ্মীসকলে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়। বিৰোধী দলসমূহৰ এই ঐক্যবদ্ধ প্ৰচাৰে এতিয়া শাসকীয় শিবিৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে। শইকীয়াই বিশ্বাস ব্যক্ত কৰে যে এইবাৰ বোকাখাতৰ সচেতন ৰাইজে পৰিৱৰ্তনৰ সপক্ষে ৰায় দান কৰিব। ৰাইজৰ দলৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়াক যদি নিৰ্দলীয় প্ৰাৰ্থী প্ৰনৱ দলে আওল নলগাই জয় হোৱাতো নিশ্চিত হৈ পৰিছে।
