Gohpur:গহপুৰত বিজেপি প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ধনশ্ৰী সমষ্টিৰ EM ফ্ৰেচ মোচাহাৰী

WhatsApp Image 2026 04 03 at 3.35.15 PM

Gohpur:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–আজি গহপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাৰ নিৰ্বাচনী প্ৰচাৰৰ এক বৃহৎ নিৰ্বাচনী সভা বড়ো জনবসতি পূৰ্ণ অঞ্চল আলুপাৰাত অনুস্থিত হয়। গহপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে বিটিচিৰ ৰ ই এম ফ্ৰেচ মোছাহাৰীয়ে। প্ৰায় সহস্ৰাধিক বড়ো জনগোষ্ঠীৰ লোক উপস্থিত থকা সভাত ফ্ৰেচ মোছাহাৰীয়ে বিজেপি প্ৰাৰ্থী উৎপল বৰাক অহা বিধানসভা নিৰ্বাচনত ভোট প্ৰদান কৰিবলৈ বড়ো ৰাইজক আহ্বান জনালে।

বিটিচি ই এম গাৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থকা বড়ো ৰাইজক উদ্দেশ্য কৰি কয় যে বি পি এফ দলৰ সমৰ্থন বিজেপি দলৰ সদায় আছে। সেয়েহে বড়ো ৰাইজে চিন্তা কৰাৰ কোনো কাৰণ নাই। আগন্তুক অসম বিধান সভা নিৰ্বাচনত বিজেপিৰ পদুম ফুলৰ চিহ্নত ভোট দি আকৌ বিজেপি চৰকাৰ অসমত গঠন কৰিব লাগিব। তেতিয়াহে অসমৰ লগতে বড়ো জনগোষ্ঠীৰ লোক সকলৰ উন্নয়ন হব। লগতে কয় যে কংগ্ৰেছক ভোট দি লাভ নাই। ইউ পি পি এল প্ৰাৰ্থী নিত্যানন্দ বসুমতাৰী ক্ষেত্ৰত কয় যে ইউপি পি এলৰ প্ৰাৰ্থী গৰাকীয়ে ভোটৰ ক্ষেত্ৰ বিশেষ একো ক্ষতি কৰিব নোৱাৰে ৷

Exit mobile version