Jharkhand Minister Pressmeet in Dibrugarh :অসমৰ জনতাই পৰিৱৰ্তন বিচাৰিছে

চাহ জনগোষ্ঠীৰ লোকসকলে বিজেপিৰ শাসন ব্যৱস্থাক লৈ অসন্তুষ্ট:ঝাৰখণ্ডৰ কৃষি মন্ত্ৰী শিল্পী নেহা তিৰ্কী

WhatsApp Image 2026 04 03 at 12.42.39 PM

Jharkhand Minister Pressmeet in Dibrugarh :

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক- বিৰোধীৰ হাই প্ৰফাইল নেতাৰ সোঁত বৈছে অসমলৈ ৷ বিশেষকৈ চাহ জনগোষ্ঠীয় ভোটাৰক আকৰ্ষণৰ বাবে উজনিলৈ ইজনৰ পাছত সিজনকৈ নেতাই নিজ নিজ প্ৰাৰ্থীৰ সমৰ্থনত চলাইছে প্ৰচাৰাভিযান। বিশেষকৈ ঝাৰখণ্ড মুক্তি মৰ্চা আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ উজনিত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ধাৰাবাহিক প্ৰচাৰ সভাত অংশ লোৱাৰ বিপৰীতে তেওঁৰ মন্ত্ৰীসভাৰ কৃষি মন্ত্ৰী শিল্পী নেহা তিৰ্কীয়েও ডিব্ৰুগড়ত কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ কে’বা খনো প্ৰচাৰ সভাত অংশ লয় ৷

প্ৰচাৰ সভাৰ মাজতে ঝাৰখণ্ডৰ যুৱ মন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ত এক সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ তেওঁ কয়,অসমৰ জনতাই এইবাৰ পৰিৱৰ্তন বিচাৰিছে৷ চাহ জনগোষ্ঠীৰ লোকসকল বিজেপিৰ শাসন ব্যৱস্থাক লৈ অসন্তুষ্ট ৷ বিজেপিয়ে দিয়া এটাও প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই৷

মন্ত্ৰী গৰাকীয়ে আৰু কয় যে,২২ চনত সংশোধন কৰা ‘Assam Fixation of Ceiling on Land Act, 1956’ আইনে ক্ষতি কৰিব চাহ ঔদ্যোগক ৷ বাগিচাৰ দহ শতাংশ ভূমিত বাণিজ্যিক কাম-কাজত অনুমতি ৷ একেদৰে বাগিচাৰ মাটিত হোটেল আৰু ৰিজৰ্ট খোলাৰ অনুমতি দি বিজেপিয়ে কাৰ্যত: বাগিচা ভূমিতে ভূমিহীন কৰিব ওলাইছে চাহ জনগোষ্ঠীক ৷ এনেক্ষেত্ৰত বিজেপিৰ এই জনবিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদ কৰি চাহ জনগোষ্ঠীয়ে বিৰোধী জোঁটৰ প্ৰাৰ্থীক ভোট দি জয়যুক্ত কৰিবলৈ আহ্বৎ জনাই ৷

Exit mobile version