Ramayana teaser:✒️নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ টীজাৰে অৱশেষত মুক্তি লাভ কৰিলে। চাৰি হেজাৰ কোটি টকা ব্যয়ৰে নিৰ্মিত ছবিখনৰ ‘ৰাম’ৰ চৰিত্ৰত অভিনয় কৰা ৰণৰীৰ কাপুৰে পাৰিশ্ৰমিকৰূপে লৈছে ডেৰশ কোটি টকা।
‘ৰামায়াণ’ৰ টীজাৰত ৰণবীৰক দেখি অভিনেতাজনৰ অনুৰাগীসকল উচ্ছ্বসিত হৈ উঠিছে। নমিত মালহোত্রা প্রযোজিত এই ছবিৰ টীজাৰ দুটা পর্বত মুক্তি পাব। প্রতিটো পৰ্বৰ বাবদ ৰণবীৰে পাৰিশ্ৰমিকৰূপে ৭৫ কোটি টকাকৈ লৈছে।
অর্থাৎ তেওঁ ছবিখনৰ পৰা মুঠ ডেৰশ কোটি টকা আয় কৰিব। গতিকে ছবিখনৰ আন অভিনেতা-অভিনেত্রীসকলে কিমানকৈ পাৰিশ্রমিক লাভ কৰিব, তাক লৈ চর্চা তুংগত উঠিছে। ছবিখনৰ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা দক্ষিণৰ তাৰকা য়শে মুঠ এশ কোটি টকাৰ পাৰিশ্রমিক লৈছে।
আনহাতে, সীতাৰ চৰিত্ৰত অভিনয় কৰা ছাই পল্লবীক মুঠ ১২ কোটি টকাৰ পাৰিশ্ৰমিক প্ৰদান কৰা হৈছে। আনহাতে, এই ছবিত হনুমানৰ চৰিত্ৰত ভূমুকি মৰা ছানী দেউলে এটা খণ্ডত ২০ কোটি টকাকৈ মুঠ ৪০ কোটি টকা পাৰিশ্রমিক লৈছে।
লক্ষ্মণৰ চৰিত্ৰত অভিনয় কৰা সৰু পৰ্দাৰ অভিনেতা ৰবিয়ে দুইৰ পৰা চাৰি কোটি টকা পাৰিশ্রমিক পাব বুলি চর্চা হৈছে। উল্লেখ্য যে এই ছবিত ৰজা দশৰথৰ ভূমিকাত অমিতাভ বচ্চনক দেখা যাব বুলি ব্যাপক চর্চা হৈছিল; কিন্তু মূৰকত এই চৰিত্ৰত দেখা গ’ল অৰুণ গোভিলক।
ইপিনে, কৈকেয়ীৰ চৰিত্ৰত অভিনয় কৰিছে লাৰা দত্তই। কৈশল্যাৰ চৰিত্ৰত ‘কাহানী ঘৰ ঘৰ কী’ খ্যাত অভিনেত্রী ইন্দিৰা কৃষ্ণণক দেখা গৈছে। ৰাৱণৰ পত্নী মন্দোদৰীৰ চৰিত্ৰত কাজল আগৰৱালাই ভুমুকি মাৰিছে। শূর্পনখাৰ চৰিত্ৰত অভিনয় কৰিছে ৰকুল প্রীতে। মন্থৰাৰ ভূমিকাত দেখা যাব শিৱা চড়ধাকেক।
ইন্দ্রজিৎ অর্থাৎ মেঘনাথৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা কুনাল কাপুৰে। কুম্ভকৰ্ণৰ চৰিত্ৰত দেখা যাব অভিনেতা ফইজল মালিকক।
