শুকুৰবাৰে বৰাক উপত্যকাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চাৰিখন বিজয় সংকল্প সভাত জনতাৰ অভূতপূর্ব উচ্ছ্বাস দেখা গ’ল। সভাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়,বৰাক উপত্যকাত ১৩ খন আসনৰ ভিতৰত বিজেপিয়ে ন খনৰ পৰা ১১ খন আসন লাভ কৰিব। কাছাৰৰ সাত খনৰ ভিতৰত সাত খন আসন বিজেপিয়ে জয়লাভ কৰিব। কাছাৰত ছয় খন বিজেপি আৰু এটা অগপয়ে লাভ কৰিব। বৰাক উপত্যকাত সংখ্যালঘু সম্প্ৰদায়ৰ বাহিৰে বিহাৰী, চাহ জনজাতি, মাড়োৱাৰী, বঙালী আদি সকলো মানুহ বিজেপিৰ স’তে আছে।
এইদিনা মধ্য গুৱাহাটী সমষ্টিৰ অজাপৰ প্ৰাৰ্থী কুংকি চৌধুৰীৰ প্ৰসঙ্গত মুখ্যমন্ত্ৰী হিমন্তই কয়, গৰু খোৱা মানুহক কোনো হিন্দু মানুহে ভোট নিদিয়ে। কুংকিৰ মাতৃয়ে মুকলিকৈ গৰু খোৱাৰ প্ৰদৰ্শন কৰিছে।মহাত্মা গান্ধীয়ে গো হত্যা বন্ধ কৰিছিল।অসমত মুকলিকৈ গৰু খোৱা আইন অনুসৰি দণ্ডনীয়। য’ত হিন্দু মানুহৰ বসবাস তাত গৰু খোৱা নিষিদ্ধ। কুংকিৰ মাতৃৰ বিৰুদ্ধে ৰাইজে এফ আই আৰ ৰুজু কৰা উচিত।
মুখ্যমন্ত্ৰীৰ অভিযোগ, ‘কুংকিৰ মাতৃ সুজাতা গুৰুং চৌধুৰীয়ে ইনষ্টাগ্ৰামত গো-মাংস খাই ফটো দিয়ে। তেওঁ গো-মাংস খাই সনাতনী লোকক প্ৰত্যাহ্বান জনায়।তেওঁ কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু গৌৰৱ গগৈক তীব্ৰ আক্ৰমণ কৰে । তেওঁ কয়, ৰাহুল গান্ধী হ’ল পাপ্পু আৰু গৌৰৱ গগৈ ছোটা পাপ্পু। ৰাহুল গান্ধী এবাৰ আহিছে আৰু কেৰেলালৈ গুচি গৈছে। তেওঁ বৰাকত নাহে, নলবাৰীতো নাহে।
শুকুৰবাৰে কাছাৰ জিলাৰ বৰখলা,ধলাই আৰু কাটিগৰা বিধানসভা সমষ্টিত প্ৰচাৰ চলাই কংগ্ৰেছ, তৃণমূল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ ওপৰত তীব্ৰ আক্ৰমণ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়,মুখ্যমন্ত্ৰী হৈ সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰি যোৱা ৫ বছৰত যিমানবাৰ বৰাকৰ ভূমিলৈ আহিছোঁ, কংগ্ৰেছৰ মুখ্যমন্ত্ৰীসকলৰ সকলোৰে হিচাপ কৰিলেও মোৰ সংখ্যাক চুব নোৱাৰে৷ আৰু সেইবাবে বৰাকবাসীয়ে বিজেপিক ভোট দিবলৈ আগ্ৰহেৰে অপেক্ষা কৰি আছে৷ এই উৎসাহৰ বাবে বৰাকবাসীক অযুত কৃতজ্ঞতা৷
এইদিনা বৰখলা বিধান সভা সমষ্টিত বিজেপি প্ৰাৰ্থী কিশোৰ নাথৰ সমৰ্থনত আয়োজিত “বিজয়া সংকল্প ৰেলী”ত অংশগ্ৰহণ কৰি তেওঁ কেইবাটাও জনমুখী প্ৰতিশ্ৰুতি ঘোষণা কৰে। এইদিনা মুখ্যমন্ত্ৰীৰ তিনিও খন নিৰ্বাচনী জনসভাত বিজেপি সমৰ্থকৰ অভূতপূর্ব উচ্ছ্বাস দেখা যায়। সন্মুখত মুখ্যমন্ত্রীক দেখাৰ পাছতে শ্রমিক আৰু সমর্থকসকলৰ মাজত অত্যন্ত উৎসাহ আৰু উত্তেজনা সৃষ্টি হয়৷ সভাত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কয় যে , আগন্তুক নিৰ্বাচনত যদি বিজেপি পুনৰ ক্ষমতালৈ আহে তেন্তে বৰাক উপত্যকাত প্ৰায় দুই লাখ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হ’ব।
তেওঁ কয় যে সেনা, চিকিৎসক, শিক্ষক আৰু তৃতীয় শ্ৰেণীৰ পদত নিযুক্তিৰ উপৰিও বাংলা আৰু হিন্দী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীৰ বাবেও বিশেষ টেট (টেট) পৰীক্ষাৰ আয়োজন কৰা হ’ব।লগতে বৰখলা অঞ্চলৰ প্ৰায় ১০ হাজাৰ যুৱক-যুৱতীলৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথাও ঘোষণা কৰে। মুখ্যমন্ত্রীয়ে মহিলাৰ বাবে ২৫ হাজাৰ টকাকৈ বিশেষ অনুদান আৰু ৰেচন কাৰ্ডধাৰীক এক লিটাৰ সৰিয়হ তেল দিয়াৰ প্ৰতিশ্ৰুতিও দিয়ে। কিশোৰ নাথ নিৰ্বাচিত হ’লে আৰু ১০ হাজাৰ যুৱক-যুৱতীক অতিৰিক্ত আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ সমগ্ৰ দায়িত্ব লোৱা হ’ব বুলিও তেওঁ কয়।
আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত কেবাটাও প্ৰকল্পৰ কথাও ঘোষণা কৰে। তেওঁ ৰাজনগৰত এখন নতুন দলং আৰু তাপাং অঞ্চলত এখন মহাবিদ্যালয় স্থাপনৰ আশ্বাস দিয়ে।
ধলাই বিধানসভা সমষ্টিৰ পালাংঘাটত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী অমিয় কান্তি দাসৰ সমৰ্থনত কেইবাটাও উন্নয়নমূলক প্ৰতিশ্ৰুতি ঘোষণা কৰে। জনসভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে ধলাইত ১০০ বিছনাযুক্ত এখন আধুনিক চিকিৎসালয় নিৰ্মাণ কৰা হ’ব। তেওঁ অঞ্চলটোৰ পথ সংযোগৰ উন্নয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। এই প্ৰেক্ষাপটত তেওঁ শিলচৰক অসম বিশ্ববিদ্যালয় হৈ হাইলাকান্দি আৰু ধলাই হৈ শিলচৰ-হাইলাকান্দি সংযোগ কৰা প্ৰস্তাৱিত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ কথাও উল্লেখ কৰে।
কাটিগড়াত মুখ্যমন্ত্ৰীয়ে কয় ,বিজেপি ক্ষমতালৈ আহিলে কাটিগৰা সম জিলালৈ উন্নীত কৰা হব। শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থৰ হৈ কাটিগড়া হিলাৰাৰ খেলপথাৰত উপস্থিত হয়। মুখ্যমন্ত্ৰী হিমন্তৰ কপ্টাৰখন যেতিয়া হিলাৰাৰ অস্থায়ী হেলিপেডত উপস্থিত হয়, তেতিয়া হাজাৰ হাজাৰ দৰ্শকে ‘জয় শ্ৰী ৰাম’ ধ্বনিৰে তেওঁক আদৰণি জনায়। লাউডস্পীকাৰত বাজি আছিল ‘আকৌ এবাৰ মোডী চৰকাৰ’। মঞ্চত উঠাৰ লগে লগে সেই গীতৰ সুৰত মুখ্যমন্ত্ৰীয়ে নাচি উঠে। ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থই কাটিগড়াক সম জিলালৈ ৰূপান্তৰিত কৰিবলৈ দাবী জনাইছে, যিটো কাটিগড়াৰ ৰাইজে শীঘ্ৰে পাব। চৰকাৰ আহিলে ১৫ আগষ্টত ঘোষণা কৰা হ’ব।কালাইনক পৌৰসভাৰ এলেকালৈ উন্নীত, পাঁচ গ্ৰামক উদ্যোগিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈও কমলাক্ষই দাবী জনাইছে, যিটো অতি সোনকালে সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰি তেওঁ কয়,পাঁচ গ্ৰামত কাগজ কলৰ সলনি নতুন উদ্যোগ হ’ব।
কাটিগড়াৰ ছাত্র-ছাত্রীক মনত ৰাখি দুখন মহাবিদ্যালয় আৰু এখন মহিলা মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা আছে বুলিও তেওঁ কয়৷
ইপিনে সন্ধিয়া শিলচৰ ইটখলা ময়দানৰ পৰা মুখ্যমন্ত্ৰীৰ ৰোড শ্ব’ আৰম্ভ হয়। শিলচৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰয় আৰু উধাৰবন্দ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰাজদীপ গোৱালাৰ হৈ ৰোড অনুষ্ঠিত হয়। আকৌ এবাৰ মোডী চৰকাৰ গীতৰ তালে তালে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাৰ ৰোড শ্বত লোকে লোকাৰণ্য হৈ পৰে।
