ৰংখাং সমষ্টিত নিৰ্বাচনী হিংসাৰ অভিযোগ, বিজেপিক টাৰ্গেট কংগ্ৰেছৰ

IMG 20260404 WA0005

পশ্চিম কাৰ্বি আংলঙৰ ১১১ নং ৰংখাং সমষ্টিত নিৰ্বাচনী পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ উঠিছে। শাসক আৰু বিৰোধীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ মাজতে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী হিংসাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী আগষ্টিন ইংহিয়ে।

অভিযোগ অনুসৰি, কাৰ্বি পৰিষদীয় বিথোঙ-ৰেংথেমা অঞ্চলৰ বিভিন্ন গাঁৱত প্ৰচাৰ চলাই থকা সময়তে আগষ্টিন ইংহিৰ সভাত একাংশ বিজেপি নেতা-কৰ্মীয়ে উপস্থিত হৈ উশৃংখল পৰিৱেশৰ সৃষ্টি কৰে।

তেওঁলোকৰ ওপৰত অভিযোগ, হাতে হাতে শিলগুটি লৈ আহি কংগ্ৰেছৰ নেতা-কৰ্মীক আক্ৰমণ কৰাৰ চেষ্টা চলোৱাৰ লগতে প্ৰচাৰ অভিযানত বাধা বিঘিনি ঘটোৱা হয়।

ঘটনাটোৰ পাছত তৎক্ষণাত আৰক্ষীক অৱগত কৰা হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ কংগ্ৰেছৰ প্ৰাৰ্থী আগষ্টিন ইংহিসহ আন নেতা-কৰ্মীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি ৰংখাং সমষ্টিত নিৰ্বাচনী উত্তেজনা অধিক বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Exit mobile version