Heroin Seized in Amingaon:এছটিএফৰ অভিযানত আমিনগাঁৱত হে’ৰইন সহ দুই মণিপুৰৰ মহিলাক গ্ৰেপ্তাৰ 

WhatsApp Image 2026 04 04 at 1.00.04 PM

Heroin Seized in Amingaon:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:-আমিনগাঁৱত বুজন পৰিমাণৰ হে’ৰইন সহ দুই মণিপুৰী মহিলাৰ লগতে আন এজনক গ্ৰেপ্তাৰ এছটিএফ আৰু কামৰূপ আৰক্ষীৰ । বিশেষ খবৰৰ ভিত্তিত এছটিএফ আৰু কামৰূপ আৰক্ষীৰ এটা দলে আমিনগাঁৱত অৰ্তকিতে অভিযান চলাই ১৩টা চাবোনৰ বাকচত ১৮২ গ্ৰাম নিষিদ্ধ হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে দুই মণিপুৰী সৰবৰাহকাৰী কনথা ইংগলাই আৰু মমতাজ বেগমক গ্ৰেপ্তাৰ কৰে ৷

আনহাতে দুই মহিলাক সহযোগী হিচাপে থকা ৰঙিয়াৰ চাহিল খান নামৰ সৰবৰাহকাৰীজনকো গ্ৰেপ্তাৰ কৰে ৷ জব্দকৃত হে’ৰইন খিনিৰ মূল্য প্ৰায় ১.৫০ কোটি টকা হ’ব বুলি আৰক্ষী সূত্ৰই জানিব দিয়ে ৷

Exit mobile version