Sivsagar:শিৱসাগৰৰ বিজেপি প্রার্থী কুশল দুৱৰীক মুকলি সমর্থন দিয়া সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া টাইপাৰ

টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে দিয়া মন্তব্য ব্যক্তিগত, শিৱসাগৰত জৰুৰী বৈঠকত ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব কাৰ্যকৰী সভাপতি ভৃগু হাটীমূৰীয়াক

WhatsApp Image 2026 04 04 at 4.34.09 PM

Sivsagar:

দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–শিৱসাগৰৰ বিজেপি প্রার্থী কুশল দুৱৰীক শিৱসাগৰ কে’বাটাও জাতীয় সংগঠনৰ লগতে টাইপাও সমর্থন কৰা বুলি কেতবোৰ সংবাদ মাধ্যমত ওলোৱা বাতৰি সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাইপাই ৷

শনিবাৰে টাইপাৰ মুখ্য উপদেষ্টা দিলীপ গগৈৰ আহ্বান ক্রমে টাইপাৰ কৰ্ণধাৰ বৈঠক অনুষ্ঠিত হয়। সভাত টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে শিৱসাগৰ সমষ্টিৰ বিজেপিৰ প্রার্থী কুশল দুৱৰীক মুকলি সমর্থন দিয়া সংবাদ মাধ্যমত ওলোৱা বিষয়টোৰ ওপৰত চৰ্চা কৰি গভীৰ উদ্বেগ প্রকাশ কৰে। টাইপাৰ মজিয়াত কোনো দল বা ব্যক্তিক এনেধৰণৰ মুকলি সমর্থন আগবঢ়োৱা কোনো সিদ্ধান্ত হোৱা নাছিল। সংবাদ মাধ্যমত দিয়া বক্তব্য তামুলীৰ সম্পূর্ণ ব্যক্তিগত মন্তব্য। এয়া টাইপাৰ মজিয়াৰ পৰা কোৱা বক্তব্য নহয়। আলোচনাৰ অন্তত সভাই কাৰ্যকৰী সভাপতি ভৃগু হাটীমূৰীয়াক বিষয়টো তদন্ত প্রক্রিয়া শেষ নোহোৱা পৰ্য্যন্ত সভাপতিৰ দায়িত্ব দিয়া হয়। আগন্তুক দিনত টাইপাই নিজৰ অৰাজনৈতিক চৰিত্ৰত অটুট থাকিব বুলি স্পষ্ট কৰি দিয়ে টাইপাৰ যুটীয়া সম্পাদকদ্বয় শোভন কোঁৱৰ আৰু দীপ দুৱৰাই ।

Exit mobile version