State BJP Pressmeet in Guwahati:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:–আজি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্রী পিযুষ হাজৰিকা আৰু অসম প্রদেশ বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক ৰূপম গোস্বামীয়ে।
সংবাদ মেলখনত পিযুষ হাজৰিকাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত বিজেপি চৰকাৰে ৰাজ্যৰ যুৱ সমাজৰ বাবে উন্নয়ন, বিশ্বাস আৰু সমৃদ্ধিৰ এক নতুন অধ্যায় আৰম্ভ কৰিছে। নিয়োগ আৰু চৰকাৰী চাকৰি সৃষ্টিৰ ক্ষেত্রত ২০২১ চনত প্রদান ১ লাখ চৰকাৰী চাকৰি প্রতিশ্রুতি অতিক্ৰম কৰি এতিয়ালৈ ১.৬৫ লাখতকৈ অধিক চৰকাৰী চাকৰি প্ৰদান কৰা হৈছে আৰু আগন্তুক ৫ বছৰত ২ লাখতকৈ অধিক নিযুক্তিৰ লক্ষ্য স্থিৰ কৰা হৈছে। তদুপৰি “অসম কর্মসংস্থান যোজনা”ৰ অধীনত জিলাভিত্তিক নিয়োগ মেলাৰ জৰিয়তে কর্মসংস্থাপন দিয়াৰ লগতে এটা ডিজিটেল চাকৰি প’ৰ্টেল আৰম্ভ কৰাৰ কথাও সদৰী কৰে। “চি এম ফ্লাইট” অভিযানৰ অধীনত অসমৰ যুৱক-যুৱতীক বিশ্বস্তৰীয় চাকৰিৰ সুযোগৰ বাবে প্রশিক্ষিত কৰাৰ লগতে প্ৰতিগৰাকী প্রার্থীক ১ লাখ টকাকৈ প্রদান কৰা হৈছে।
গুৱাহাটীত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো “সামুদ্রীয় দক্ষতা বিকাশ কেন্দ্র” স্থাপন কৰা হৈছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে ১ লাখতকৈ অধিক যুৱক-যুৱতীক ১,০০০ কোটিতকৈ অধিক আর্থিক সহায় প্রদান কৰা হৈছে। আগন্তুক ৫ বছৰত ১০ লাখ যুৱক-যুৱতীক এই আঁচনিৰ অধীনত ৫ লাখ টকা পর্যন্ত সহায়ৰো আশ্বাস প্রদান কৰে। উল্লেখযোগ্য যে ২০২১ চনৰ পৰা ৬১৫টা স্টার্টআপক সহায় কৰা হৈছে বুলি মন্ত্রী পিযুষ হাজৰিকাই মন্তব্য কৰে। এতিয়ালৈকে বিজেপি চৰকাৰৰ দিনত এমএছএমই খণ্ডত ১২.৭৫ লাখ ইউনিটে ৮২ লাখতকৈ অধিক লোকক কর্মসংস্থান প্রদান কৰিছে। বিজেপি চৰকাৰে বিগত ৫ বছৰত শিক্ষা আৰু ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ ক্ষেত্ৰতো অভূতপূর্ব পদক্ষেপ গ্রহণ কৰিছে। বছৰি ৫৭ লাখ শিক্ষার্থীক বিনামূলীয়া পাঠ্যপুথি আৰু ৪৩ লাখ শিক্ষার্থীক ইউনিফৰ্ম প্ৰদান কৰাৰ লগতে ১০ লাখৰো অধিক ছাত্র-ছাত্রীক চাইকেল প্রদান কৰা হৈছে।
দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্রাক প্রাথমিকৰ পৰা স্নাতকোত্তৰ পৰ্যায়লৈ বিনামূলীয়া শিক্ষা নিশ্চিত কৰাৰ লগতে ১.৩ লাখ মেধাৱী ছাত্র-ছাত্রীয়ে স্কুটি লাভ কৰিছে। তদুপৰি “নিযুত মইনা” আঁচনিৰ জৰিয়তে ৰাজ্যৰ ৩.৮৯ লাখ কন্যা শিক্ষার্থীক আর্থিকভাবে সহায় কৰা হৈছে। উচ্চ শিক্ষা আৰু দক্ষতা বিকাশৰ লক্ষ্য আগত ৰাখি ৰাজ্যৰ ১০খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰা হৈছে আৰু ৪খন নতুন বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগতে “এইমছ”, “আইআইএম” আদিৰ দৰে উচ্চ পৰ্যায়ৰ শিক্ষানুষ্ঠানো স্থাপন কৰা হৈছে।
“অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়” শিক্ষাবর্ষ আৰম্ভ কৰাৰ সমান্তৰালভাৱে “স্কিল যাত্রা” আঁচনিৰ জৰিয়তে ৰাজ্যৰ সহস্রাধিক যুৱক-যুৱতীক প্রশিক্ষণ দিয়া হৈছে। প্রতিযোগিতামূলক পৰীক্ষা যেনে ইউপিএছচি, এপিএছচি, এছএছচি আদিৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে বিনামূলীয়া কোচিং প্রদান কৰি থকা হৈছে। ইয়াৰ ওপৰিও ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে জে.ই.ই, নীট, চিএলএটি, চিইউইটি আদি পৰিক্ষাৰ বিশেষ কোচিংৰ ব্যৱস্থা কৰাৰ লগতে সামৰিক বাহিনীৰ প্ৰশিক্ষণ প্রতিষ্ঠান স্থাপন কৰাৰ কথাও সংবাদমেলখনত বর্ণনা কৰে।
ৰাজ্যৰ উদ্যোগ খণ্ডত বিনিয়োগ সৃষ্টিবে নতুন উদ্যোগ স্থাপন কৰি নিযুক্তিৰ ক্ষেত্ৰত স্থানীয় যুৱক-যুৱতীক অগ্রাধিকাৰ দিয়াৰ কথাও মন্ত্রী পিযুষ হাজৰিকাই ব্যক্ত কৰে। ইতিমধ্যে জাগীৰোডত স্থাপন হোৱা টাটা ইলেকট্রনিকছৰ ২৭,০০০ কোটি টকাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই ২৬,০০০তকৈ অধিক যুৱক-যুৱতীৰ সংস্থাপনৰ বাট মুকলি কৰিছে বুলি উল্লেখ কৰি অনাগত সময়ত অসম ইলেকট্রনিকছ মিছন আৰম্ভ কৰাৰ কথাও সদৰী কৰে। ক্রীড়া আৰু যুৱ কল্যাণ কথা উল্লেখ কৰি মন্ত্ৰী পিযুষ হাজৰিকাই কয় যে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ডত আধুনিক মানদণ্ডৰ ক্ৰীড়া প্রকল্প আৰু প্ৰতিখন জিলাত একোখনকৈ খেল একাডেমি স্থাপন কৰা হ’ব।
ইতিমধ্যে শ্রী শ্রী অনিৰুদ্ধদেৱ ক্রীড়া বিশ্ববিদ্যালয় স্থাপন কৰাৰ লগতে বিগত সময়ছোৱাত অনুষ্ঠিত হোৱা খেল মহাৰণত ৫৩ লাখতকৈ অধিক খেলুৱৈ অংশগ্রহণ কৰিছে। শক্তিশালী অসম গঢ়াৰ উদ্দেশ্যে ৰাজ্যজুৰি দক্ষতা জৰীপ চলোৱাৰ লগতে ড্ৰাগছ মুক্ত পৰিৱেশৰ বাবে “নিচা মুক্ত অসম অভিযান” আৰম্ভ কৰাৰ কথাও ঘোষণা কৰে।
ৰাষ্ট্ৰীয় জলপথ-২ উন্নয়ন কৰি নদীক অর্থনৈতিক বিকাশৰ উৎস হিচাপে ব্যৱহাৰ কৰাৰ কথাও ঘোষণা কৰে। ২০২১-২০২৫ বৰ্ষৰ সময়ছোৱাত দুর্যোগকালীন পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চৰকাৰে ১,৭০৫ খন নাওঁ আৰু ৭ খন হেলিকপ্টাৰ ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান চলোৱাৰ কথাও ঘোষণা কৰে।
উল্লেখযোগ্য যে এই অভিযানত ১,৩০,০৮৪ গৰাকী ব্যক্তি আৰু ৯৬,১১৯টা জীৱ-জন্তু নিৰাপদে উদ্ধাৰ কৰা হৈছে আৰু ২৯৮ জন লোকক হেলিকপ্টাৰেৰে সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে। এনডিআৰএফ, এছডিআৰএফ, অগ্নি আৰু আপাতকালীন, অসামৰিক প্ৰতিৰক্ষা আদি সংস্থাসমূহে একেলগে কাম কৰাৰ লগতে আৰ্তজনক ১,৪৭,৭৯৭ কুইন্টাল চাউল, ২৮,৩১৯ কুইন্টাল দাইল, ৮,৭৬৮ কুইন্টাল নিমখ আৰু ২৩.৭৬ লাখ লিটাৰ মিঠাতেল বিতৰণ কৰা হৈছে। ১,৮০৮ গৰাকী চিকিৎসকৰ দল বন্যাপীড়িত এলেকাত নিয়োজিত কৰি বানপীড়িতৰ চিকিৎসাৰ ব্যৱস্থা লোৱাৰ কথাও মন্ত্রী পিযুষ হাজৰিকাই ঘোষণা কৰে।
