ইৰাণত চলি থকা তীব্ৰ সামৰিক সংঘাতৰ মাজতে নিখোজ হোৱা আমেৰিকান যুদ্ধবিমানৰ এজন পাইলটক অৱশেষত সফলভাৱে উদ্ধাৰ কৰা হৈছে।
আমেৰিকাৰ সেনাবাহিনীয়ে এক উচ্চ-বিপজ্জনক অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাই এই সফলতা লাভ কৰে।
তথ্য অনুসৰি ,ইৰাণৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই আমেৰিকাৰ এখন F-15 যুদ্ধবিমান গুলি কৰি নামোৱাৰ পাছতে পাইলটজন শত্রুৰ এলেকাত নিখোজ হৈছিল।
ইয়াৰ পাছতে তেওঁক উদ্ধাৰৰ বাবে বৃহৎ পৰিসৰৰ অনুসন্ধান অভিযান আৰম্ভ কৰা হয়।
এই অভিযানত বহু যুদ্ধবিমান, হেলিকপ্টাৰ আৰু বিশেষ বাহিনী অংশগ্ৰহণ কৰে। ইৰাণৰ ফালৰ পৰা প্ৰচণ্ড গুলিচালনা আৰু প্ৰতিৰোধৰ মাজতো অভিযানটো সফলভাৱে সম্পন্ন কৰা হয়।
উদ্ধাৰ কৰা পাইলটজন আঘাতপ্ৰাপ্ত হলেও বৰ্তমান তেওঁ বিপদমুক্ত আৰু চিকিৎসাধীন আছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, এই উদ্ধাৰ অভিযানটোক আমেৰিকাৰ ইতিহাসৰ অন্যতম সাহসী আৰু জটিল সামৰিক অভিযান হিচাপে উল্লেখ কৰা হৈছে।
এই ঘটনাই ইৰাণ-আমেৰিকা সংঘাতক আৰু অধিক তীব্ৰ কৰাৰ সম্ভাৱনা দেখা গৈছে আৰু অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে।
