ভাৰতৰ মহাকাশ অভিযানত নতুন এক গুৰুত্বপূর্ণ অধ্যায় আৰম্ভ হৈছে ‘মিচন মিত্র’ৰ মাধ্যমেৰে। গগনযান প্রকল্পৰ অংশৰূপে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাসহ অন্যান্য মহাকাশচাৰীসকলে সম্প্রতি কঠোৰ প্ৰশিক্ষণৰ বাবে লাডাখৰ লেহত উপস্থিত হৈছে।
এই প্রশিক্ষণক ভাৰতৰ সবাতোকৈ কঠিন মহাকাশ অনুশীলন (স্পেচ ট্রেইনিং) বৰূপে গণ্য কৰা হৈছে, কাৰণ লেহৰ প্রতিকূল পৰিৱেশত প্রশিক্ষণ সম্পূর্ণ কৰাটো অত্যন্ত কঠিন ‘মিছন মিত্র’ত প্রধানকৈ মানুহৰ সহনশীলতা, মানসিক শক্তি আৰু দলগত দক্ষতা গঢ়ি তোলাত গুৰুত্ব প্রদান কৰা হয়।
মহাকাশত দীর্ঘ সময় থকাৰ বাবে যি শাৰীৰিক আৰু মানসিক প্রস্তুতিৰ প্রয়োজন, এই অভিযানত সেই বিষয়তেই বিশেষভাবে গুরুত্ব দিয়া হৈছে। লেহৰ উচ্চতা, কম অক্সিজেন আৰু কঠিন বতৰে মহাকাশচাৰীসকলক এনে পৰিস্থিতিত কাম কৰাত সহায় কৰিব, যাৰ বহুখিনি মহাকাশৰ পৰিৱেশৰ স’তে মিল আছে।
ভাৰতৰ গগনযান অভিযানত যাবলগীয়া চাৰি মহাকাশচাৰীয়ে ‘মিচন মিত্র’ আৰম্ভ কৰিছে। ভাৰতৰ গগনযান অভিযান দেশৰ প্ৰথম মানৱবাহী মহাকাশ যাত্ৰাৰ পৰিকল্পনা, য’ত মহাকাশচাৰীসকলক পৃথিৱীৰ নিম্ন কক্ষপথলৈ প্রেৰণ কৰা হ’ব।
এই লক্ষ্যত উপনীত হ’বলৈ হ’লে মহাকাশচাৰীসকলৰ শাৰীৰিক দক্ষতাৰ সমান্তৰালকৈ মানসিক দৃঢ়তাও অত্যন্ত গুরুত্বপূর্ণ। সেয়ে ‘মিচন মিত্র’ৰ দৰে উদ্যোগ ভৱিষ্যতৰ মহাকাশ অভিযানৰ বাবে অত্যন্ত তাৎপর্যপূর্ণ বুলি গণ্য কৰা হৈছে।
লাডাখৰ হাড় কঁপোৱা ঠাণ্ডাত এই অভিযানৰ নেতৃত্ব দিব শুভাংশু আৰু পি বালকৃষ্ণাণ নায়াৰে। তেওঁলোকৰ লগত থাকিব চিকিৎসক, অভিযন্তা আৰু মনোবিদ আদি।
একাংশ বিশেষজ্ঞৰ মতে, মহাকাশত কাম কৰাৰ সময়ত চাপ, নিঃসংগতা আৰু অনিশ্চয়তাৰ স’তে স্বাভাবিক হোৱাটোৱেই সবাতোকৈ ডাঙৰ প্রত্যাহ্বান। লাডাখৰ দৰে কঠিন পৰিৱেশত লোৱা প্রশিক্ষণে সেই প্রত্যাহ্বানৰ মোকাবিলাৰ প্ৰস্তুতি তৈয়াৰ কৰিব।
এই প্ৰক্ৰিয়াৰ মাধ্যমেৰে এনে এটা ‘স্পেচ-ৰেজিলিয়েন্ট’ দল গঠন কৰাৰ চেষ্টা কৰা হৈছে, যিসকলে যিকোনো কঠিন পৰিস্থিতিতেই সফলভাবে কাম কৰিব পাৰিব।
সকলো মিলাই ‘মিচন মিত্র’ কেৱল এক প্রশিক্ষণ কর্মসূচী নহয়, বৰঞ্চ ভাৰতৰ মহাকাশ স্বপ্নপূৰণৰ পথত এক বৃহৎ পদক্ষেপ। গগনযান সফল হ’লে ভাৰতে সেই নির্বাচিত দেশসমূহৰ তালিকাত স্থান লাভকৰিব, যিসমূহ দেশ নিজস্ব প্রযুক্তিৰে মানুহক মহাকাশলৈ পঠোৱাত সক্ষম। সেই স্বপ্ন বাস্তৱায়িত কৰাৰ বাবে এই ধৰণৰ কঠোৰ প্রশিক্ষণেই সৃষ্টি কৰিছে ভৱিষ্যতৰ পথ।
